২৪ ঘণ্টা উকলি যোৱাৰ পিছতো সন্ধান নাই পলাশবাৰীৰ সদিলাপুৰৰ ৬ বছৰীয়া শিশু কৌশিক কলিতাৰ। যোৱা সোমবাৰে পলাশবাৰীৰ সদিলাপুৰত শিশু অপহৰণ কাণ্ডৰ সন্দেহ কৰিছিল পৰিয়াল তথা স্থানীয় লোকে। সোমবাৰে দুপৰীয়া পদূলিমুখৰ পৰাই চাৰিচকীয়া বাহনত উঠাই শিশুটিক লৈ যোৱাৰ সন্দেহ।
হৰি কলিতা আৰু জুনু কলিতাৰ ছবছৰীয়া পুত্ৰ কৌশিক কলিতাই পদূলিমুখত খেলি থকা সময়তে ক'লা ৰঙৰ ৱাগনাৰ এখনেৰে অহা দুৰ্বৃত্তৰ দল এটাই গাড়ীখনত ভৰাই লৈ যোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। ২৪ ঘণ্টা উকলি যোৱাৰ পিছতো ভালকৈ মাত নুফুটা ছবছৰীয়া কৌশিক কলিতাৰ শুংসূত্ৰ বিচাৰি পোৱা নাই আৰক্ষীয়ে। প্ৰকৃততে কণমানি ল'ৰাটো নিখোজ হোৱাৰ আঁৰত অপহৰণ নে আন কিবা ঘটনা জড়িত হৈ আছে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।
আৰক্ষীৰ উচ্চপদস্থ বিয়ষা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলাইছে যদিও কোনোধৰণৰ সম্ভেদ লাভ কৰিব পৰা নাই। নিজ পুত্ৰ কৌশিক কলিতাক অতি সোনকালে ঘূৰাই দিয়াৰ আহ্বান জনাইছে পিতৃ-মাতৃয়ে। উল্লেখ্য যে ভালকৈ মাত-বোল কৰিব নোৱাৰা শিশুটি উৎপতীয়া স্বভাৱৰ বাবে মাকে ঘৰতে ৰাখিছিল বুলি জানিবলৈ দিয়ে।
কিন্তু আজি নিজেই শিশুটিয়ে পদূলি মুখত ওলাই অহাৰ পিছতেই এই অপহৰণৰ ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰে । তাৰ পিছতে পলাশবাৰী আৰক্ষীয়ে দিনে নিশাই তদন্ত চলাই উদ্ধাৰ কৰিব নোৱাৰাত পৰিয়ালৰ লোকৰ অনুৰোধ মৰ্মে SDRF বাহিনীৰ সহযোগত হৰি কলিতাৰ চৌহদৰ পুখুৰী আৰু ব্ৰহ্মপুত্ৰৰ পাৰত সন্ধান চলাই যদিও কোনো সন্ধান ওলোৱা নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|