মুখ্যপৃষ্ঠা »খবৰ »অসম »MAJULI : মাজুলীত আগম কেবাঙৰ সংবাদ মেল, মিচিংসকলৰ মাতৃভাষা ৰূপে মিচিং ভাষাত শিক্ষাদানৰ দাবী

MAJULI : মাজুলীত আগম কেবাঙৰ সংবাদ মেল, মিচিংসকলৰ মাতৃভাষা ৰূপে মিচিং ভাষাত শিক্ষাদানৰ দাবী

নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক দিল্লীৰ ভৱনত লগ কৰাৰ সিদ্ধান্ত।

নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক দিল্লীৰ ভৱনত লগ কৰাৰ সিদ্ধান্ত।

নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক দিল্লীৰ ভৱনত লগ কৰাৰ সিদ্ধান্ত।

  • Share this:

মধ্য মাজুলীৰ বাংকে আগম কেবাঙৰ চাৰিখন সমিতিয়ে ৰঙাচাহী মিচিং গাঁৱত আজি এখন সংবাদ মেল সম্বোধন কৰে। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং সম্প্ৰদায়ৰ লোকসকলক চৰকাৰে যে প্ৰতাৰণা কৰি আহিছে, তাৰ ওপৰত সংবাদ মেল পাতি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে মধ্য মাজুলীৰ আগম বাংকে কেবাঙৰ  চাৰিখন সমিতিয়ে। বিশেষকৈ মিচিং জনজাতিৰ কেইবাটাও প্ৰধান দাবী  পূৰণ কৰিবলৈ ৰাজ্য চৰকাৰখনক অনুৰোধ কৰে।


এই দাবীসমূহৰ ভিতৰত প্ৰধানতঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰৰ  পিছতো কাৰ্যকৰী নোহোৱা ভাৰতীয় সংবিধানৰ ৩৫০ (ক) কাৰ্যকৰীকৰণ, এন.ই.পি. ২০২০ অৰ্থাৎ ৰাষ্ট্ৰীয় নতুন শিক্ষানীতি ৪১১ আৰু ৪১২ত উল্লেখ তথা নিৰ্দেশক্ৰমে প্ৰাথমিক পৰ্যায়ত পঞ্চম শ্ৰেণীলৈকে মিচিং ভাষাৰ শিক্ষা মাধ্যম প্ৰৱৰ্তন কৰি পৰ্যাপ্ত মিচিং ভাষাৰ শিক্ষক নিযুক্তিৰ দাবী, ২০২২ বৰ্ষৰ ৭ ফ্ৰেব্ৰুৱাৰী তাৰিখে শিক্ষামন্ত্ৰীৰ নেতৃত্বত শিক্ষা বিষয়াসকল আৰু INDIGENOUS TRIBAL SAHITYA SABHA চমুকৈ ITSSAৰ প্ৰতিনিধিসকলৰ সিদ্ধান্ত মৰ্মে প্ৰকাশ পোৱা মাইনুটচৰ সকলো দফা কাৰ্যকৰী কৰা, জোনাই টি.এম.পি.কে. সোণালী জয়ন্তী অধিৱেশনত বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত থকা ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে মিচিংসকলক মাতৃভাষাৰ জৰিয়তে শিক্ষাদানৰ ব্যৱস্থা আৰু ভাষা শিক্ষক নিযুক্তিৰ সিদ্ধান্ত লোৱা।


সংগঠনটোৰ যুক্তি যে একেই জনগোষ্ঠী একেই অসমভূমি একেই  জনজাতীয় বড়োসকলক চৰকাৰে মাধ্যম প্ৰৱৰ্তন আৰু শিক্ষক নিযুক্তিৰ ব্যৱস্থা কাৰ্যকৰী কৰিব পাৰে তেন্তে মিচিংসকলক কৰিব নোৱৰাৰ কাৰণ কি থাকিব পাৰে। এই সম্পৰ্কত ২০২৩ চনৰ ভিতৰতে শীঘ্ৰে অসম চৰকাৰে কেবিনেট বহুৱাই ৰাজ্যপালৰ স্বাক্ষৰৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। সংবাদ মেলযোগে লগতে কয় যদিহে এই বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত অসম চৰকাৰে এই দাবীসমূহৰ সিদ্ধান্ত গ্ৰহণ নকৰিলে ফ্ৰেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক দিল্লীৰ ভৱনত লগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

শেহতীয়া বাতৰি