অৱশেষত মিচিং জনগোষ্ঠী সমূহৰ দীৰ্ঘদিনীয়া এটা দাবী পূৰণ হোৱাৰ দিশত আগবাঢ়িছে। অহা ৩০ মে’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোগামুখত মিচিং ভাষাৰ বুনিয়াদী পাঠ্যক্ৰম আনুষ্ঠানিকভাবে উন্মোচন কৰিব ৷
মাজত মাত্ৰ এটা দিন ৷ ২৮, ২৯ আৰু ৩০ মে’ত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মিচিং আগম কেবাঙৰ ২৪তম অধিবেশন অনুষ্ঠিত হ’ব। এই অনুষ্ঠানতেই মিচিং ভাষাৰ উত্তৰণৰ বাবে জন্মলগ্নৰে পৰা মাত মাতি অহা সংগঠনটোৰ গৌৰবোজ্জ্বল সোনালী জয়ন্তী বৰ্ষ উদযাপন কৰা হ’ব ৷ ইয়াৰ বাবে আদৰণী সমিতিয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ দুই হাজাৰ সাহিত্য সভাৰ প্ৰতিনিধিক আদৰিবলৈ সাজু আদৰণী সমিতি ৷
অধিবেশন থলীত এইবাৰ মিচিং আগম কেবাং এ সোনালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ৫০ খন গ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰাৰ লগতে নতুন প্ৰজন্মৰ ভালে সংখ্যক লেখকৰ গ্ৰন্থ এই অনুষ্ঠানতেই উন্মোচন কৰা হ’ব ৷ অধিবেশন থলীত ২০ খন গ্ৰন্থ বিপনী, ১০ খন জৈৱিক পাচলিৰ বিপনী, ১০ খন হস্ততাঁত বস্ত্ৰ শিল্পৰ বিপনী থাকিব ৷
Published by: Sehnaz Begum
FIRST PUBLISHED : May 26, 2023, 13:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।