মুখ্যপৃষ্ঠা »খবৰ »অসম »সোণাৰিৰ টাউকাক নৈত দুৰ্বৃত্তই ঢালিলে বিহ, নৈখনত ওপঙি উঠিছে বিভিন্ন প্ৰজাতিৰ মাছ

সোণাৰিৰ টাউকাক নৈত দুৰ্বৃত্তই ঢালিলে বিহ, নৈখনত ওপঙি উঠিছে বিভিন্ন প্ৰজাতিৰ মাছ

এই সমাজবিৰোধী লোকসকলে বিহ দি নিধন কৰা মাছসমূহ সোণাৰি নগৰৰ বিভিন্ন বজাৰত আজি বিক্ৰী কৰা বুলি জানিব পৰা গৈছে।

  • Share this:
সোণাৰি নগৰৰ কাষেদি বৈ যোৱা টাউকাক নৈত যোৱানিশা কোনো দুষ্কৃতিকাৰীয়ে মাছ ধৰাৰ উদ্দেশ্যে নৈখনত বান্ধ  দি বিহ প্ৰয়োগ কৰে। ফলত বৈ যোৱা নৈখনৰ কাষৰীয়া অঞ্চল যেনে গুটিঘাট, চেনীগুদাম, গোৱালাপথাৰ আদি অঞ্চলসমূহত নৈখনত বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ যেনে চিতল, শিঙৰা, বৰালি আদি মাছ উপঙি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।

ইফালে, এই সমাজবিৰোধী লোকসকলে বিহ দি নিধন কৰা মাছসমূহ সোণাৰি নগৰৰ বিভিন্ন বজাৰত আজি বিক্ৰী কৰা বুলি জানিব পৰা গৈছে। স্থানীয় মাছৰ বাবে বিখ্যাত নৈখনত এনেদৰে বিহ প্ৰয়োগ কৰাৰ ফলত বিভিন্ন থলুৱা প্ৰজাতিৰ মাছসমূহ সম্প্ৰতি লুপ্ত হোৱাৰ পথত।

তদুপৰি বিহ প্ৰয়োগ কৰাৰ ফলত নৈখনৰ কাষত বাস কৰা সংশ্লিষ্ট অঞ্চলবাসীৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি আহি পৰিছে। বান্ধ দি মাছ নিধন কার্যত জড়িত লোকসকলক চিনাক্ত কৰি স্থানীয় ৰাইজে বন বিভাগক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে।

শেহতীয়া বাতৰি