গোৱালপাৰাৰ জয়পুৰত পুতলা পিষ্টল দেখুৱাই অপহৰণৰ চেষ্টা তিনি দুৰ্বৃত্তৰ

News18 Assam | News18-Assam
Updated:October 12, 2020, 1:09 PM IST
গোৱালপাৰাৰ জয়পুৰত পুতলা পিষ্টল দেখুৱাই অপহৰণৰ চেষ্টা তিনি দুৰ্বৃত্তৰ
তীব্ৰবেগেৰে পলায়ন কৰা  টাটা মেক্সিমো বাহনখনে বাতাবাৰীত এজন বাইক আৰোহীক খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হয়।

তীব্ৰবেগেৰে পলায়ন কৰা  টাটা মেক্সিমো বাহনখনে বাতাবাৰীত এজন বাইক আৰোহীক খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হয়।

  • Share this:
গোৱালপাৰাৰ জয়পুৰত পুতলা পিষ্টল দেখুৱাই অপহৰণৰ চেষ্টা তিনি দুৰ্বৃত্তৰ। পশ্চিম গোৱালপাৰাৰ বগুৱান থানাৰ অন্তৰ্গত জয়পুৰত সংঘটিত হয় এই ঘটনা। জয়পুৰ বজাৰৰ পৰা ছফিউৰ ৰহমান আৰু তেওঁৰ পুত্ৰক এখন টাটা মেক্সিমো বাহনেৰে তিনি দুৰ্বৃত্তই অপহৰণ কৰাৰ চেষ্টা কৰে যদিও চিঞৰ-বাখৰ কৰাৰ ফলত ঘটনাস্থলীৰ পৰা অপহৰণকাৰীৰ দলটো পলায়ন কৰে। 

তীব্ৰবেগেৰে পলায়ন কৰা  টাটা মেক্সিমো বাহনখনে বাতাবাৰীত এজন বাইক আৰোহীক খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হয়। তাৰ পিছতে বাতাবাৰীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে বাহনখন ক্ষতিগ্ৰস্ত কৰে যদিও অপহৰণকাৰী দলটো বাহন এৰি পলায়ন কৰিবলৈ সক্ষম হয়।
Published by: Sanjay Kumar Das
First published: October 12, 2020, 1:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading