ছয়গাঁৱত বাছ যাত্ৰীয়ে খেদিলে ডকাইতৰ দলক, ঘটনাস্থলীত পৰি গ’ল মেগজিন–গুলী, ঘটনা কি?

News18 Assam | News18-Assam
Updated:February 13, 2020, 8:04 AM IST
ছয়গাঁৱত বাছ যাত্ৰীয়ে খেদিলে ডকাইতৰ দলক, ঘটনাস্থলীত পৰি গ’ল মেগজিন–গুলী, ঘটনা কি?
ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মেগজিন সহ দুজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে৷ পিতা–পুত্ৰক ডকাইতি কৰাৰ বাবে গুৱাহাটীৰ পৰা দুৰ্বৃত্তৰ দলটোৱে পিছ লোৱা বুলি সন্দেহ কৰা হৈছে৷

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মেগজিন সহ দুজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে৷ পিতা–পুত্ৰক ডকাইতি কৰাৰ বাবে গুৱাহাটীৰ পৰা দুৰ্বৃত্তৰ দলটোৱে পিছ লোৱা বুলি সন্দেহ কৰা হৈছে৷

  • Share this:
বুধবাৰে নিশা সন্ধিয়া খৰখৰী চেপনশিলাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা৷ সন্ধিয়া প্ৰায় ৬ মান বজাত এখন ভাৰ্ণা গাড়ীৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইলৈ গৈ আছিল সুজিত সৰকাৰ আৰু ছানী সৰকাৰ নামৰ পিতা–পুত্ৰ। ছয়গাঁও পাৰ হৈ খৰখৰী চেপনশিলাৰ নিৰ্জন ঠাইত প্ৰস্ৰাৱ কৰাৰ বাবে দুয়ো গাড়ীৰ পৰা নামি দিয়ে৷ সেই সময়তেই একে দিশেৰে আহি থকা এখন আই টেন গাড়ী হঠাৎ তেওঁলোকৰ ওচৰত ৰাখি গাড়ীখনৰ পৰা কেইবাজনো যুৱক তেওঁলোকক আক্ৰমণৰ লক্ষ্যৰে নামি পৰে৷

দুয়োকে পিষ্টল আৰু ৰড দেখুৱাই যুৱকৰ দলটোৱে আক্ৰমণ কৰিবলৈ উদ্যত হয়৷ সেই সময়তে একে দিশেৰে গৈ থকা এখন যাত্ৰবাহী বাছৰ যাত্ৰীয়ে লাইটৰ পোহৰত এই ঘটনা প্ৰত্যক্ষ কৰে। লগে লগে বাছখনৰ পৰা যাত্ৰীসকল নামি হৈ চৈ লগায়৷ বাছ যাত্ৰীসকল নামি অহাত দুৰ্বৃত্তৰ দলটো তীব্ৰ গতিত ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷

এই ঘটনা ছয়গাঁও আৰক্ষী থানাক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয়৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মেগজিন সহ দুজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে৷ পিতা–পুত্ৰক ডকাইতি কৰাৰ বাবে গুৱাহাটীৰ পৰা দুৰ্বৃত্তৰ দলটোৱে পিছ লোৱা বুলি সন্দেহ কৰা হৈছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷
আৰু চাওক
পৰৱৰ্তী বাতৰি