মুখ্যপৃষ্ঠা »খবৰ »অসম »ডবকা সংৰক্ষিত বনাঞ্চলৰ শালবনত দুৰ্বৃত্তৰ অগ্নি সংযোগ; বনজুইৰ কৱলত জাহ গৈছে বহু মূল্যৱান গছ পুলি, সৃষ্টি হৈছে জীৱকূলৰ প্ৰতি চৰম ভাবুকিৰ

ডবকা সংৰক্ষিত বনাঞ্চলৰ শালবনত দুৰ্বৃত্তৰ অগ্নি সংযোগ; বনজুইৰ কৱলত জাহ গৈছে বহু মূল্যৱান গছ পুলি, সৃষ্টি হৈছে জীৱকূলৰ প্ৰতি চৰম ভাবুকিৰ

ডবকা-ডিফু সংযোগী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত সংগঠিত হোৱা এই অগ্নি কাণ্ডৰ ফলত বহু  মূল্যবান গছ জুইত জ্বলি জাহ গৈছে

ডবকা-ডিফু সংযোগী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত সংগঠিত হোৱা এই অগ্নি কাণ্ডৰ ফলত বহু  মূল্যবান গছ জুইত জ্বলি জাহ গৈছে

ডবকা-ডিফু সংযোগী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত সংগঠিত হোৱা এই অগ্নি কাণ্ডৰ ফলত বহু  মূল্যবান গছ জুইত জ্বলি জাহ গৈছে

  • Share this:
হোজাই মহকুমাৰ দক্ষিণ নগাওঁ বন সংমণ্ডলৰ অধীনৰ ডবকা সংৰক্ষিত বনাঞ্চলৰ শালবনত নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নি সংযোগ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বনজুইৰ কৱলত পৰি বহু মূল্যৱান গছৰ পুলি জাহ গৈছে ৷ এই ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

জানিব পৰা মতে,  কিছুদিন ধৰি ডবকা সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন স্থানত কোনো দুৰ্বৃত্তই অগ্নি সংযোগ কৰি আহিছে ৷ অন্য দিনাৰ দৰেই বুধবাৰে নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ কৰা হৈছে ৷ ডবকা-ডিফু সংযোগী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত সংগঠিত হোৱা এই অগ্নিকাণ্ডৰ ফলত বহু  মূল্যবান গছ জুইত জ্বলি জাহ গৈছে ৷

উল্লেখ্য যে, ডবকা সংৰক্ষিত বনাঞ্চলৰ লাম্বাটানা, বগাজুৰি, লক্ষী কেম্প আদি এলেকাত মাজ নিশালৈকে জুই জ্বলি থাকে ৷ কেৱল এয়াই নহয়, বহস্পতিবাৰে দিন দুপৰতে বনাঞ্চলখনৰ বগাজুৰি অঞ্চলত দুৰ্বৃত্তই পুনৰ অগ্নি সংযোগ কৰে ৷ বগাজুৰি অঞ্চল বিশেষকৈ বনৰীয়া হাতী, হৰিণা, বান্দৰ আদিৰ বিচৰণস্থলি বুলি খ্যাত ৷ এই এলেকাত অগ্নি সংযোগ কৰাৰ ফলত ইয়াত থকা জীৱকূলৰ প্ৰতি চৰম ভাবুকি আহি পৰিছে। আনকি বনৰীয়া হাতীৰ বাসস্থানত অগ্নি সংযোগৰ ফলত দাতি কাষৰীয়া গাওঁ সমূহলৈ হাতীৰ জাকে ওলাই যাবলৈ বাধ্য হ’ব আৰু ইয়াৰ লগতে হাতী মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷

তথ্য অনুসৰি, ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত থকা এই শালবনখনৰ ছয় হাজাৰ তিনিশ জোপা গছ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰন কৰাৰ নামত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰনে কটাৰ বাবে বন বিভাগক প্ৰস্তাৱ দিছিল ৷ পৰৱৰ্তী সময়ত বনবিভাগে এই গছ সমূহ কটাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপছ প্ৰাধীকৰনক এক প্ৰকাৰৰ সেউজ সংকেত দিছিল ৷ এই খবৰ বিয়পি পৰাৰ পাছতে এবছৰ পূৰ্বে আছু, আমছু, এ জে ওৱাই চিপিকে আদি কৰি ২০ তকৈ অধিক প্ৰকৃতিপ্ৰেমী সংগঠনে এমাহ কাল জুৰি ধাৰাবাহিক ভাবে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰিছিল ৷ পৰৱৰ্তী সময়ত এই আন্দোলনত সেওঁ মানি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত বন বিভাগে এই গছ কটাৰ সিদ্ধান্ত বাতিল কৰিছিল ৷ ইয়াৰ পাছতো ৰাইজে আন্দোলন কৰি ৰক্ষা কৰা এই শালবন খন চকুৰ পলকতে ধ্বংসৰ দিশলৈ আগবাঢ়িব ধৰা কাৰ্য্যক কোনো মতে মানি ল’ব পৰা নাই স্থানীয় ৰাইজে ৷

বুধবাৰে নিশাৰে পৰা বনাঞ্চলখনত বিভিন্ন স্থানত বনজুইৰ কবলত পৰাৰ পিছতো ডবকাৰ বনবিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ অতিশীঘ্ৰে এই কাৰ্য্যৰ লগত জড়িত থকা সকলক চিনাক্ত কৰাৰ লগতে  কৰায়ক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে স্থানীয় ৰাইজে বনবিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

শেহতীয়া বাতৰি