নুমলীগড়ত কালি নিশা সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। নুমলীগড়ৰ ২নং ফলঙনিত সংঘটিত হৈছে এই ঘটনা। যোৱানিশা নুমলীগড়ৰ ২নং ফলঙনিৰ এটা বৃদ্ধ দম্পতীৰ ঘৰত অগ্নিসংযোগ কৰে কোনো দুৰ্বৃত্তই।
২নং ফলঙনিৰ বিপিন গগৈ নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ ঘৰৰ গোহালিত নিশা দপ দপকৈ জুই জ্বলি উঠে। স্থানীয় ৰাইজৰ সহযোগত নিশা অগ্নিনিৰ্বাপণ কৰিবলৈ সক্ষম হয়। এই ঘৰৰ কাষতে থকা বৃদ্ধ দম্পতীৰ প্ৰাণৰক্ষা পৰে কথমপি।
অগ্নিকাণ্ডৰ কাৰণ অজানা হৈ থকাত এয়া স্বাভাৱিক কাণ্ড বুলি ধাৰণা কৰা হৈছিল যদিও পুৱা প্ৰত্যক্ষ কৰে নিশা জুই জ্বলা ঘৰটোৰ কাষতে গেলনৰ এটা সাঁফৰ আৰু কাষৰে বননিত তেল জাতীয় জুলীয়া পদাৰ্থ পৰি থকা।
ইয়াৰ পিছতে বাসগৃহত লাগি থকা গাড়ী থোৱা গেৰেজৰ বেৰত প্ৰত্যক্ষ কৰে একেই জুলীয়া পদাৰ্থ ছটিয়াই থোৱাৰ চিন। সমগ্ৰ পৰিৱেশ প্ৰত্যক্ষ কৰি সন্দেহ উপজি গেলনৰ সাঁফৰতো চাওঁতে ডিজেলৰ গোন্ধ পায়। সমগ্ৰ ঘটনাৰ বিষয়ে বগীজান আৰক্ষীক খবৰ দিয়ে যদিও বাতৰি সংগ্ৰহৰ সময়লৈকে ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হোৱা নাই। উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|