• Home
  • »
  • News
  • »
  • assam
  • »
  • নিৰাপত্তাহীন ৰঙিয়া নগৰ, দিন দুপৰতে এজন লোকৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ১ লাখ ২০ হাজাৰ টকা

নিৰাপত্তাহীন ৰঙিয়া নগৰ, দিন দুপৰতে এজন লোকৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ১ লাখ ২০ হাজাৰ টকা

ধন লুট কৰি পলায়ন কৰা দুই দুৰ্বৃত্তই পলায়ন কৰা দৃশ্য বন্দী হৈছে চিচিটিভিত।

ধন লুট কৰি পলায়ন কৰা দুই দুৰ্বৃত্তই পলায়ন কৰা দৃশ্য বন্দী হৈছে চিচিটিভিত।

ধন লুট কৰি পলায়ন কৰা দুই দুৰ্বৃত্তই পলায়ন কৰা দৃশ্য বন্দী হৈছে চিচিটিভিত।

  • Share this:
    ৰঙিয়াত নগৰত চাঞ্চল্যকৰ ধন লুটৰ ঘটনা। দিন দুপৰতে এজন লোকৰ বাইকৰ পৰা অতি কৌশলেৰে ১ লাখ ২০ হাজাৰ টকা লুট কৰি নিয়ে দুৰ্বৃত্তই। লোকজনে বেংকৰ পৰা ধন উলিয়াই আনি ঘৰলৈ গৈ থকাৰ সময়তে লুটি নিয়ে ধনখিনি।

    ৰঙিয়া নগৰৰ শংকৰদেৱ নগৰৰ বাসিন্দা বলোদেৱ কলিতাই ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাৰ পৰা ১ লাখ ২০ হাজাৰ টকা উলিয়াই আনে। পিছত ঘৰলৈ যোৱাৰ সময়ত বেগটো বাইকৰ বাকচত থৈ পাণ খাবলৈ যায়। এনে সময়তে দুৰ্বৃত্ত‌ই কৌশলেৰে ধনখিনি উলিয়াই নিবলৈ সক্ষম হয়।

    ধন লুট কৰি পলায়ন কৰা দুই দুৰ্বৃত্তই পলায়ন কৰা দৃশ্য বন্দী হৈছে চিচিটিভিত। পিছত ভুক্তভোগী লোকজনে ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে। অপৰাধীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ আহ্বান জনাইছে ৰাইজে।
    Published by:Sanjay Kumar Das
    First published: