বেংকৰ পৰা ওলাই খোজকাৰি কিছু দূৰ যোৱাৰ পিছতেই বাইকত অহা দুই দুষ্কৃতিকাৰীয়ে টকাৰ বেগটো লুটি লৈ যায়।
কৰিমগঞ্জৰ এজন লোকৰ পৰা চাৰি লাখ টকা লুটি নিলে দুষ্কৃতিকাৰীয়ে। দিব্যজ্যোতি চক্ৰৱৰ্তী নামৰ গ্ৰাহকজনে কৰিমগঞ্জৰ SBI মেইন ব্ৰাঞ্চৰ পৰা চাৰি লাখ টকা উলিয়াইছিল। বেংকৰ পৰা ওলাই খোজকাৰি কিছু দূৰ যোৱাৰ পিছতেই বাইকত অহা দুই দুষ্কৃতিকাৰীয়ে টকাৰ বেগটো লুটি লৈ যায়।
পিছত ঘটনা সম্পৰ্কত কৰিমগঞ্জ সদৰ থানাত অৱগত কৰে লোকজনে। আৰক্ষীয়ে লগে লগে বেংকত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। ধাৰণা কৰা হৈছে যে দুৰ্বৃত্তই বেংকৰ পৰাই গ্ৰাহকজনৰ ওপৰত চকু ৰাখিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|