গুৱাহাটীত পুনৰ দিন-ডকাইতিৰ ঘটনা। মণিপুৰৰ পৰা গুৱাহাটীলৈ গাড়ী কিনাৰ উদ্দেশ্যৰে অহা দুই মণিপুৰী মহিলাক গুৱাহাটীৰ জালুকবাৰীত মাৰণাস্ত্ৰ দেখুৱাই লুটি নিলে নগদ ৩ লাখ টকা। সোমবাৰে সংঘটিত হয় এই ঘটনা। ২ দিন পূৰ্বে ফোনত কথা পাতি পুৰণি গাড়ী কিনাৰ নামত ইম্ফলৰ পৰা গুৱাহাটীলৈ আহিছিল যশোদা পৌডাল আৰু যশোদা বাছনেট নামৰ মহিলা দুগৰাকী।
পল্টন বজাৰ ষ্টেচনৰ পৰা গাড়ী দেখুওৱাৰ উদ্দেশ্যেৰে পূৰ্বেই কথা পতা পাৰ্টীৰ লগত গৈছিল দুই মহিলা। কিন্তু তেঁওলোকক জালুকবাৰীৰ পৰা শৰাইঘাট দলং পাৰ হৈ আমিনগাঁৱৰ ঘন জংঘলত চোকা অস্ত্ৰ দেখুৱাই নগদ ৩ লাখ টকা কাঢ়ি নিয়াৰ লগতে তেওঁলোকৰ এটা ভিডিঅ’ বনাই তেঁওলোকৰ এটা ম'বাইলো কাঢ়ি নি পুনৰ ISBTৰ সমীপথ থৈ যায়। মহিলা দুগৰাকীয়ে গণেশগুৰিৰ এখন হোটেলত আশ্ৰয় লয় যদিও সোমবাৰে পুৱা প্ৰায় ৯ বজাত অন্য দুজন লোক আহি এই ঘটনা সংঘটিত কৰা লোক কেইজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ আশ্বাস দি মহিলা দুগৰাকীৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড আৰু আন এটা ম'বাইল ফোনো লৈ উধাও হয়।
এই পৰ্যন্ত অসহায় মহিলা দুগৰাকীক পুনৰ যোগাযোগ কৰা নাই ম'বাইল ফোন লৈ যোৱা ব্যক্তি দুজনে। মণিপুৰত থকা অৱস্থাতেই ৪ লাখ টকাত পুৰণি i10 বাহন ক্ৰয় কৰিবলৈ আহি ৩ লাখ টকা দিয়াৰ উদ্দেশ্যৰে আহিছিল মহিলা দুগৰাকী।