তেনে সময়তে AS03M 5196 নম্বৰৰ এখন বগা ৰঙৰ ইণ্ডিগ' বাহনত অহা তিনি দুৰ্বৃত্তই নিজকে আৰক্ষীৰ মানুহ বুলি কৈ গাড়ী ৰখাবলৈ সংকেত দিয়ে।
তেনে সময়তে AS03M 5196 নম্বৰৰ এখন বগা ৰঙৰ ইণ্ডিগ' বাহনত অহা তিনি দুৰ্বৃত্তই নিজকে আৰক্ষীৰ মানুহ বুলি কৈ গাড়ী ৰখাবলৈ সংকেত দিয়ে।
এইবাৰ দিন দুপৰতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতিৰ ঘটনা সংঘটিত হৈছে। টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত মেটেলি সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত তিনি দুৰ্বৃত্তই লুটি নিলে ২ লাখ টকা।
ভুক্তভোগীৰ ভাষ্য অনুসৰি, শিৱসাগৰ জিলাৰ আমগুৰিৰ হনুমান হাৰ্ডৱেৰ এণ্ড ইলেকট্ৰিকেলছ দুই কৰ্মচাৰী ৰামেশ্বৰ মাহাতো আৰু চালক পাৰ্থপ্ৰতীম বুঢ়াগোহাঁয়ে দুপৰীয়াৰ ভাগত যোৰহাটৰ পৰা নিজা বলেৰ' পিকআপ বাহনেৰে দোকানৰ সামগ্ৰী নিবলৈ বুলি আহিছিল।
তেনে সময়তে AS03M 5196 নম্বৰৰ এখন বগা ৰঙৰ ইণ্ডিগ' বাহনত অহা তিনি দুৰ্বৃত্তই নিজকে আৰক্ষীৰ মানুহ বুলি কৈ গাড়ী ৰখাবলৈ সংকেত দিয়ে আৰু গাড়ীত ড্ৰাগছ আছে বুলি ধমকি দি তালাচী চলোৱাৰ চলেৰে দুই লাখ টকা লৈ উধাও হয়। ইতিমধ্যে আৰক্ষীয়ে ভুক্তভোগীৰ এজাহৰৰ ভিত্তিত তৎপৰতাৰে অভিযান চলাইছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|