মহানগৰীত পুনৰ চাঞ্চল্যকৰ ডকাইতি, মহিলাৰ হাতৰ পৰা কাঢ়ি নিলে ২ লাখ টকা

News18-Assam
Updated:November 19, 2019, 3:35 PM IST
মহানগৰীত পুনৰ চাঞ্চল্যকৰ ডকাইতি, মহিলাৰ হাতৰ পৰা কাঢ়ি নিলে ২ লাখ টকা
ভুক্তভোগী মহিলাগৰাকী কেন্দুগুৰিৰ বিহুলা ব্ৰহ্ম। ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীয়ে।

ভুক্তভোগী মহিলাগৰাকী কেন্দুগুৰিৰ বিহুলা ব্ৰহ্ম। ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীয়ে।

  • Share this:
মহানগৰীত পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড। এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ২ লাখ টকা। দিন দুপৰতে নাৰেংগীত সংঘটিত হয় এই ডকাইতি কাণ্ড। নাৰেংগীৰ কলংপাৰ ৰিক্সা ষ্টেণ্ডৰ সন্মুখত মহিলাগৰাকীৰ পৰা ধনখিনি কাঢ়ি নিয়ে দুৰ্বৃত্তই। ষ্টেট বেংকৰ মঠঘৰীয়া শাখাৰ পৰা ধনখিনি উলিয়াই আনিছিল মহিলাগৰাকীয়ে।

ক’লা ৰঙৰ এখন পালচাৰ বাইকত আহিছিল দুই দুৰ্বৃত্ত। ভুক্তভোগী মহিলাগৰাকী কেন্দুগুৰিৰ বিহুলা ব্ৰহ্ম। ঘটনা সন্দৰ্ভত নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে মহিলাগৰাকীয়ে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি