• Home
  • »
  • News
  • »
  • assam
  • »
  • দিন হাজিৰা কৰি কন্যাৰ বিয়াৰ বাবে গোটাইছিল ধন, কৌশলেৰে দুৰ্বৃত্তই লুটি নিলে সকলো

দিন হাজিৰা কৰি কন্যাৰ বিয়াৰ বাবে গোটাইছিল ধন, কৌশলেৰে দুৰ্বৃত্তই লুটি নিলে সকলো

চিলনী চোৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ বলি হোৱা দম্পতীয়ে নীলবাগান আৰক্ষী পহৰা চকীত এটা গোচৰ তৰিছে।

চিলনী চোৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ বলি হোৱা দম্পতীয়ে নীলবাগান আৰক্ষী পহৰা চকীত এটা গোচৰ তৰিছে।

চিলনী চোৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ বলি হোৱা দম্পতীয়ে নীলবাগান আৰক্ষী পহৰা চকীত এটা গোচৰ তৰিছে।

  • Share this:
হোজাই জিলাত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস। এহাল বৃদ্ধ দম্পতীয়ে ডিমাপুৰত হাজিৰা কৰি কন্যাৰ বিয়াৰ বাবে অনা ধন লুট কৰি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাৰ পিছত ৰাজপথতেই কান্দি উঠে ভুক্তভোগী স্বামী-স্ত্ৰীয়ে৷ নীলবাগান তিনিআলীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা৷

ডিমাপুৰৰ পৰা ঘৰলৈ উভতি অহা বৃদ্ধ স্বামী-স্ত্ৰী নীলবাগানত উপস্থিত হোৱাৰ পিছতে বাইকেৰে অহা দুজন দুৰ্বৃত্তই প্ৰথমে ৫০০ টকাৰ খুচুৰা বিচাৰে৷ স্বামী-স্ত্ৰীয়ে খুচুৰা দিয়াৰ সময়তে চিলনী চোৰ দুটাই থপিয়াই লৈ যায় ১০ হাজাৰ টকা৷ পিছত বাইকেৰে পলাই যায় চোৰ দুটা৷

উল্লেখ্য যে হোজাইৰ বিভিন্ন স্থানত বাইকেৰে অহা দুজনীয়া চিলনী চোৰে দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস চলাই আহিছে৷ মুখত কাপোৰ বান্ধি বাইকেৰে আহি এই চিলনী চোৰে সহজ–সৰল লোকক টাৰ্গেট কৰি আহিছে। ইতিমধ্যে চিলনী চোৰে হোজাইত বহুকেইটা প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত কৰাৰ খবৰ আহিছে।

চিলনী চোৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ বলি হোৱা দম্পতীয়ে নীলবাগান আৰক্ষী পহৰা চকীত এটা গোচৰ তৰিছে। আৰক্ষীয়ে চোৰক বিচাৰি অভিযান আৰম্ভ কৰিছে। নীলবাগানৰ কেইজনমান সচেতন যুৱকে আলোচনা কৰি সকলোৱে অলপ অলপকৈ দুৰ্ভগীয়া বৃদ্ধ দম্পতীহালৰ লুটি নিয়া ১০ হাজাৰ টকা গোটাই দিয়াৰ সিদ্ধান্ত লয়৷ সকলোৰে সহায়ত লোকজনক টকাখিনি ঘূৰাই দিয়াৰ ব্যৱস্থা কৰে।

অসহায় পৰিয়ালটোক সহায় কৰা নীলবাগানৰ আব্দুল বাচিত চৌধুৰী, আমিৰুল ইছলাম, ৰায়হান আহমেদ চৌধুৰী, শ্বিবিৰ আহমেদ চৌধুৰী, এনাম উদ্দিন, বাবুসহ সকলোকে ধন্যবাদ জ্ঞাপন কৰে দম্পতীহালে।
Published by:Sanjay Kumar Das
First published: