হাজোত চাঞ্চল্যকৰ দিন ডকাইতি, কৌশলেৰে দুৰ্বৃত্তই লুটি নিলে ১ লাখ ২০ হাজাৰ টকা

News18 Assam | News18-Assam
Updated:September 16, 2020, 4:40 PM IST
হাজোত চাঞ্চল্যকৰ দিন ডকাইতি, কৌশলেৰে দুৰ্বৃত্তই লুটি নিলে ১ লাখ ২০ হাজাৰ টকা
তফিকুৰ ৰহমানে হাজোৰ SBI শাখাৰ পৰা ধনখিনি উলিয়াই আনি নিজৰ বাহনত ৰখাৰ সময়তে দুৰ্বৃত্তই কৌশলেৰে লুটি লৈ গ'ল ধনৰ মোনাসহ বহু দৰকাৰী নথি–পত্ৰ।

তফিকুৰ ৰহমানে হাজোৰ SBI শাখাৰ পৰা ধনখিনি উলিয়াই আনি নিজৰ বাহনত ৰখাৰ সময়তে দুৰ্বৃত্তই কৌশলেৰে লুটি লৈ গ'ল ধনৰ মোনাসহ বহু দৰকাৰী নথি–পত্ৰ।

  • News18 Assam
  • Last Updated: September 16, 2020, 4:40 PM IST
  • Share this:
তীৰ্থনগৰী হাজোত আৰক্ষীৰ নাকৰ তলতে চাঞ্চল্যকৰ দিন ডকাইতিৰ ঘটনা। তফিকুৰ ৰহনামৰ এজন ব্যক্তিৰ বাহনৰ পৰা দুৰ্বৃত্তই লুটি লৈ গ'ল ১ লাখ ২০ হাজাৰ টকা। হাজো আৰক্ষী থানাৰ পৰা কিছু নিলগত থকা SBIৰ শাখাৰ সন্মুখতে সংঘটিত হৈছে এই ডকাইতিৰ ঘটনা।

তফিকুৰ ৰহমানে হাজোৰ SBI শাখাৰ পৰা ধনখিনি উলিয়াই আনি নিজৰ বাহনত ৰখাৰ সময়তে দুৰ্বৃত্তই কৌশলেৰে লুটি লৈ গ'ল ধনৰ মোনাসহ বহু দৰকাৰী নথি–পত্ৰ। মুখত কোৰোণা প্ৰতিৰোধী মাস্ক পৰিধান কৰি আহিছিল দুৰ্বৃত্তই। এই ঘটনাৰ পিছতেই হুৱাদুৱা লাগে অঞ্চলটোত। হাজো শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ সভাপতি তফিকুৰ ৰহমান।

এই ডকাইতি ঘটনা সন্দৰ্ভত লোকজনে হাজো আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।পূৰ্বেও বহুবাৰ এনে ঘটনাৰ  টাৰ্গেট হৈছে হাজো বহুকেইজন লোক। হাজোত কিছুদিনৰ পৰা ধাৰাবাহিক ভাবে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ বাবেই বাৰে বাৰে হাজোত এনে ধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে।
Published by: Sanjay Kumar Das
First published: September 16, 2020, 4:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading