• Home
  • »
  • News
  • »
  • assam
  • »
  • ই–ৰিক্সাৰ যাত্ৰীৰ ৰূপত ডকাইত! ৰঙিয়াত চালকক প্ৰহাৰ কৰি দুৰ্বৃত্তই লুটি নিলে ই–ৰিক্সা, ম’বাইল ফোন, নগদ ধন

ই–ৰিক্সাৰ যাত্ৰীৰ ৰূপত ডকাইত! ৰঙিয়াত চালকক প্ৰহাৰ কৰি দুৰ্বৃত্তই লুটি নিলে ই–ৰিক্সা, ম’বাইল ফোন, নগদ ধন

দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে ধুহিৰ ই-ৰিক্সা চালক ফজাল আলী।

দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে ধুহিৰ ই-ৰিক্সা চালক ফজাল আলী।

দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে ধুহিৰ ই-ৰিক্সা চালক ফজাল আলী।

  • Share this:
    ৰঙিয়াৰ ধুহিৰ ই-ৰিক্সা লুট। ই-ৰিক্সা চালকক আক্ৰমণ কৰি দুৰ্বৃত্তই লুটি নিলে ই-ৰিক্সা, মোবাইল ফোনসহ নগদ ধন। ই-ৰিক্সাৰ যাত্ৰীৰূপী ৩ দুৰ্বৃত্তৰ দলে নলবাৰী জিলাৰ লোৱাৰকঠা আদাবাৰীত সংঘটিত কৰিলে এই কাণ্ড। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে ধুহিৰ ই-ৰিক্সা চালক ফজাল আলী।

    যাত্ৰীৰূপী দুৰ্বৃত্তৰ দলে ই-ৰিক্সাখন ভাড়ালৈ নি প্ৰথমে নিচাজাতীয় দ্ৰব্য খুৱালে ই-ৰিক্সা চালকক। তাৰ পিছত চালকৰ পৰা সকলো লুট-পাট কৰাৰ চেষ্টা চলালে নলবাৰী জিলাৰ লৰকঠা আদাবাৰীত। কিন্তু ই-ৰিক্সা চালকে ই-ৰিক্সা দিবলৈ অমান্তি হোৱাত আক্ৰমণ কৰে ই-ৰিক্সা চালকক। লোকজন গুৰুতৰভাৱে আহত হোৱাত লুটি নিলে নগদ ধন, মোবাইল ফোনসহ ই-ৰিক্সা। তাৰ পিছত চালকজনক পেলাই থৈ যায় পথৰ দাঁতিত।

    আৰক্ষীয়ে ই-ৰিক্সা চালকজনক অসুস্থ অৱস্থাত ভৰ্তি কৰালে স্থানীয় চিকিৎসালয়ত। পিছত সংকটজনক অৱস্থাত যুৱকজনক পৰিয়ালৰ লোকসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায়। লগতে ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে ই-ৰিক্সা চালকগৰাকীৰ পৰিয়াল।
    Published by:Sanjay Kumar Das
    First published: