• Home
  • »
  • News
  • »
  • assam
  • »
  • ডিগবৈত মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ৬ লাখ টকা, কেনেকৈ সংঘটিত কৰিলে এই ডকাইতি কাণ্ড?

ডিগবৈত মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ৬ লাখ টকা, কেনেকৈ সংঘটিত কৰিলে এই ডকাইতি কাণ্ড?

প্ৰতীকী ফটো

প্ৰতীকী ফটো

বেগটোত টকাৰ লগতে আছিল এটা মোবাইল, চেক বুক, পাছবুক।

  • Share this:
ডিগবৈত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। ডিগবৈৰ SBI বেংকৰ সন্মুখত এই ডকাইতি কাণ্ড সংঘটিত হয়। ক’লা ৰঙৰ পালছাৰ বাইকত হেলমেত পৰিধান কৰি অহা দুজন যুৱকে কাঢ়ি নিয়ে ছয় লাখ টকাভৰ্তি এটা বেগ। বেগটোত টকাৰ লগতে আছিল এটা মোবাইল, চেক বুক, পাছবুক।

ডিগবৈ টোপোলা বস্তি নিবাসী নুৰুল হক আৰু তেওঁৰ পত্নী গোল হাউজ বেগমে ডিগবৈ SBIৰ পৰা টকাখিনি উলিয়াই অনাৰ পিছতে বাইকত অহা যুৱকৰ দলে ৰাজপথত মহিলাগৰাকীৰ পৰা বেগটো কাঢ়ি লৈ উধাও হয়। টনা–আঁজোৰাত সামান্য পৰিমাণে আহত হয় মহিলাগৰাকী। এই ঘটনাই ডিগবৈত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি