‘স্মাৰ্ট আৰক্ষী’ক ভেঙুচালি কৰি মহানগৰীত ২৫লাখ টকাৰ বেংক ডকাইতি, APEX বেংকৰ কৰ্মচাৰীক গুৰিয়াই থপিয়াই নিলে ধন

News18 Assam | News18-Assam
Updated:January 16, 2020, 6:14 PM IST
‘স্মাৰ্ট আৰক্ষী’ক ভেঙুচালি কৰি মহানগৰীত ২৫লাখ টকাৰ বেংক ডকাইতি, APEX বেংকৰ কৰ্মচাৰীক গুৰিয়াই থপিয়াই নিলে ধন
ফটোঃসংগ্ৰহ ইণ্টাৰনেট

পাণবজাৰৰ নাতিদূৰৈত এই বেংক ডকাইতি।

  • Share this:
স্মাৰ্ট আৰক্ষীৰ নাকৰ তলতে বেংক ডকাইতি! মহানগৰীত পাণবজাৰ থানাৰ নাতিদূৰৈত সংঘটিত হৈছে এক লোমহৰ্ষক ডকাইতি। এটা বেংকৰ পৰা আন এটা বেংকলৈ টকা কঢ়িয়াই নিয়া দুজন কৰ্মচাৰীক আহত কৰি দুৰ্বৃত্তই লুটিলে ২৫লাখ টকা। IDBI ৰ পৰা ধন খিনি Apex বেংকলৈ নিয়াৰ সময়ত বেংকৰ কৰ্মচাৰীক মাৰধৰ কৰি টকাখিনি লুটি নিয়ে ডকাইতে। টকা কঢ়িয়াই নিয়াৰ সময়ত আহত ব্যক্তিদুজন হৈছে ৰমেশ দাস আৰু ৰিকু দত্ত। ৰিংকু দত্ত হৈছে এপেক্স বেংকৰ কেছিয়াৰ ইন চাৰ্জ আৰু ৰমেশ দাস হৈছে কেছ শিতানৰ পিয়ন। এখন মটৰচাইকেলত দুয়ো টকাখিনি লৈ গৈ থাকোতে সংঘটিত এই ডকাইতি। টকা কঢ়িয়াই নিয়া কৰ্মচাৰীক গুৰিয়াই দিয়াৰ ফলত দুয়ো ঠাইতে পৰি যায় আৰু তাৰ পিছতে দুৰ্বৃত্তই থপিয়াই নিয়ে টকাখিনি।
আৰু চাওক
পৰৱৰ্তী বাতৰি