ধুবুৰীত এতিয়ালৈ আৰক্ষীয়ে জব্দ কৰা তিনিখন গৰু কঢ়িওৱা বাহন থানা চৌহদতে জ্বলাই দিছে দুৰ্বৃত্তইষ কিন্তু আৰক্ষীয়ে দুৰ্বৃত্তৰ কোনো শুংসূত্ৰ পোৱা নাই।
ধুবুৰীত এতিয়ালৈ আৰক্ষীয়ে জব্দ কৰা তিনিখন গৰু কঢ়িওৱা বাহন থানা চৌহদতে জ্বলাই দিছে দুৰ্বৃত্তইষ কিন্তু আৰক্ষীয়ে দুৰ্বৃত্তৰ কোনো শুংসূত্ৰ পোৱা নাই।
ধুবুৰীত নিশা জব্দকৃত গৰু কঢ়িওৱা কণ্টেইনাৰ পুনৰ জ্বলাই দিলে দুৰ্বৃত্তই। থানা চৌহদতে দুৰ্বৃত্তই জলাই দিছে ইখনৰ পিছত আনখনকৈ গৰু কঢ়িওৱা বাহন। ধুবুৰীত পুনৰ সক্ৰিয় হৈ উঠিছে নেকি আন্তৰাষ্ট্ৰীয় গৰুৰ ছেণ্ডিকেট চক্ৰ। বিগত দুটা মাহত ধুবুৰী জিলাত দুৰ্বৃত্তই জলালে আৰক্ষীয়ে জব্দ কৰা তিনিখন গৰু কঢ়িওৱা বাহন।
ধুবুৰীৰ জিলাৰ অসম-বংগ সীমান্তত নিশা পুনৰ জ্বলিল গৰু কঢ়িওৱা কণ্টেইনাৰ ৷ ১৫ জানুৱাৰীত ছাগলীয়া আৰক্ষীয়ে ২১টা গৰুসহ জব্দ কৰিছিল HR -7-9105 নম্বৰৰ কণ্টেইনাৰখন ৷ নিশা আৰক্ষীৰ জিম্মাত থকা কণ্টেইনাৰখন থানা চৌহদতে জ্বলালে দুস্কৃতিকাৰীয়ে ৷ নিশা একো গমেই নাপালে স্মাৰ্ট অসম আৰক্ষীয়ে।
উল্লেখ্য যে ১৭ ডিচেম্বৰ ২০২১ ধুবুৰী জিলাৰ শৌলমাৰী আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহ কৰা এখন বিলাসী বাহন গৰুসসহ জব্দ কৰে। হঠাৎ ১৯ ডিচেম্বৰৰ পুৱতি নিশা এন্ধাৰৰ সুযোগ লৈ দুৰ্বৃত্তই জলাই দিয়ে গৰু কঢ়িওৱা বিলাসী বাহনখন। ঘটনাৰ সৈতে আৰক্ষীয়ে আটক কৰা নাছিল এজনো লোক।
২৬ ডিচেম্বৰ ২০২১ অসম বংগ সীমান্ত ছাগলীয়া আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ৩০টা চোৰাং গৰুসহ এখন ১৮ চকীয়া ট্ৰেইলাৰ জব্দ কৰে। পিছত ৩১ ডিচেম্বৰৰ নিশা অসম বংগ সীমান্তৰ ছাগলীয়াত জব্দকৃত গৰু কঢ়িওৱা RJ-05-GA-8385 নম্বৰৰ ১৮ চকীয়া ট্ৰেইলাৰখন নিশা থানা চৌহদৰ কাষতেই জ্বলাই দিয়ে দুৰ্বৃত্তই।
প্ৰশ্ন উত্থাপন হৈছে যে আৰক্ষীৰ জিম্মাত থকা এই বাহনসমূহ কোনে জ্বলাই দিয়ে ? এবাৰ নহয় তিনিবাৰ কৈ থানা চৌহদতে এই ঘটনা সংঘটিত হয় যদিও এতিয়ালৈকে আৰক্ষীয়ে কিয় ধৰা পেলাব পৰা নাই দুৰ্বৃত্তক? মুখ্যমন্ত্ৰীয়ে জব্দকৃত গৰু গাড়ী নিলাম ঘোষণা কৰাৰ বাবেই নেকি দুস্কৃতিকাৰীয়ে এই কাৰ্য সংঘটিত কৰিলে নেকি? সেয়া কিন্তু এতিয়া ৰহস্যৰ অৱৰ্তত । ধুবুৰী আৰক্ষীয়ে কৰায়়়ত্ত কৰিy পাৰিবনে দুস্ককৃতিকাৰীক
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|