মহৰমৰ দিনা ডিব্ৰুগড়ৰ ৰাজপথত চৰম উদ্ভণ্ডালি, ভাঙি চূৰ্ণ–বিচূৰ্ণ কৰিলে গাড়ী

পৰম্পৰাৰ নামত এইদৰে ৰাজপথত উদ্ভণ্ডালি চলোৱা কাৰ্য কোনোপধ্যে গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি মন্তব্য কৰিছে সচেতন মহলে।

News18-Assam
Updated:September 11, 2019, 1:44 PM IST
মহৰমৰ দিনা ডিব্ৰুগড়ৰ ৰাজপথত চৰম উদ্ভণ্ডালি, ভাঙি চূৰ্ণ–বিচূৰ্ণ কৰিলে গাড়ী
পৰম্পৰাৰ নামত এইদৰে ৰাজপথত উদ্ভণ্ডালি চলোৱা কাৰ্য কোনোপধ্যে গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি মন্তব্য কৰিছে সচেতন মহলে।
News18-Assam
Updated: September 11, 2019, 1:44 PM IST
মহৰমৰ দিনা অৰ্থাৎ মঙলবাৰে ডিব্ৰুগড়ৰ ৰাজপথত দেখা গ’ল একাংশৰ চৰম উদ্ভণ্ডালি। তাজিয়া প্ৰদৰ্শনৰ নামত ভাঙি চূৰ্ণ–বিচূৰ্ণ কৰিলে দুখনকৈ বাহনৰ আইনা। ৰাজপথৰ কাষত ৰখাই থোৱা আছিল বাহন দুখন। এই ঘটনাক লৈ এতিয়া ছচিয়েল মিডিয়াত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বহু লোকে এই ঘটনাক সমালোচনা কৰিছে। পৰম্পৰাৰ নামত এইদৰে ৰাজপথত উদ্ভণ্ডালি চলোৱা কাৰ্য কোনোপধ্যে গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি মন্তব্য কৰিছে সচেতন মহলে।

ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱেও। NEWS18ৰ আগত শিলাদিত্য দেৱে কয় যে ডিব্ৰুগড়ৰ ঘটনাত জড়িতসকলক চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। এনে কাৰ্যক কোনোপধ্যে পৰম্পৰা আখ্যা দিব নোবাৰি। এয়া অসমীয়া সংস্কৃতিৰ পৰিপন্থী।

চাওক কিদৰে একাংশই চলাইছিল উদ্ভণ্ডালি :



Oxomiya Jiyori নামৰ টুইটাৰ ব্যৱহাৰকাৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে ডিব্ৰুগড়ৰ এই ঘটনাৰ ভিডিঅ’ আৰু ফটো। এইচ আৰ ৰোডত সংঘটিত এই ঘটনাৰ ভিডিঅ’ শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীগৰাকীয়ে জিলা প্ৰশাসনকো সমালোচনা কৰিছে।




NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি