বৰপেটাৰ কেওঁটকুছিত দুৰ্বৃত্তই ভাঙিলে লক্ষ্মীৰ প্ৰতিমা, মন্দিৰত অগ্নিসংযোগ

News18-Assam
Updated:October 9, 2019, 1:39 PM IST
বৰপেটাৰ কেওঁটকুছিত দুৰ্বৃত্তই ভাঙিলে লক্ষ্মীৰ প্ৰতিমা, মন্দিৰত অগ্নিসংযোগ
আন কেইবাটাও চুৰিকাণ্ডৰ সৈতেও ৰফিকুল জড়িত বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে।

আন কেইবাটাও চুৰিকাণ্ডৰ সৈতেও ৰফিকুল জড়িত বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে।

  • Share this:
বৰপেটাৰ কেওটকুছিৰ ঐতিহ্যমণ্ডিত লক্ষ্মী মন্দিৰত দুৰ্বৃত্তৰ উপদ্ৰৱ। পুৱতিনিশা দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে লক্ষ্মী দেৱীৰ প্ৰতিমা। মন্দিৰৰ ভিতৰত অগ্নিসংযোগো কৰে দুৰ্বৃত্তই। মন্দিৰৰ ভিতৰতে স্থানীয় লোকে হাতে–লোটে কৰায়ত্ত কৰে এটা দুৰ্বৃত্তক। ধৃত দুৰ্বৃত্তটো ভেল্লা শান্তিপুৰৰ ৰফিকুল আলী।

দেৱী প্ৰতিমাৰ সোণ–ৰূপৰ ফুল আদিও লুট কৰে দুৰ্বৃত্তটোৱে। তদুপৰি মন্দিৰৰ পকী মজিয়াৰ টাইলছ, মাৰ্বল পাথৰ আদিৰো ক্ষতিসাধন কৰে যুৱকজনে। ধৃত দুৰ্বৃত্তটোক কৰায়ত্ত কৰি স্থানীয় ৰাইজে গতাই দিয়ে আৰক্ষীক।

বিগত কিছুদিন ধৰি ধৃত ৰফিকুলে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বুলি অভিযোগ কৰে স্থানীয় লোকে। আন কেইবাটাও চুৰিকাণ্ডৰ সৈতেও ৰফিকুল জড়িত বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে। ইমানেই নহয়, স্কুল–কলেজৰ ছাত্ৰীক অশালীন ব্যৱহাৰ কৰাৰো অভিযোগ দুৰ্বৃত্তটোৰ বিৰুদ্ধে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: October 9, 2019, 1:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading