মুখ্যপৃষ্ঠা »খবৰ »অসম »Guwahati : মহানগৰীৰ দিছপুৰত চাঞ্চল্য, মাজনিশা বিছনাতে ব্যৱসায়ীক হত্যাৰ অপচেষ্টা দুৰ্বৃত্তৰ

Guwahati : মহানগৰীৰ দিছপুৰত চাঞ্চল্য, মাজনিশা বিছনাতে ব্যৱসায়ীক হত্যাৰ অপচেষ্টা দুৰ্বৃত্তৰ

গাড়ীচালক নয়নক বিচাৰি আৰক্ষীয়ে চলাইছে জোৰদাৰ অভিযান।

গাড়ীচালক নয়নক বিচাৰি আৰক্ষীয়ে চলাইছে জোৰদাৰ অভিযান।

গাড়ীচালক নয়নক বিচাৰি আৰক্ষীয়ে চলাইছে জোৰদাৰ অভিযান।

  • Share this:

পুনৰ মহানগৰীত চাঞ্চল্য। মাজনিশা ব্যৱসায়ীক হত্যাৰ অপচেষ্টা দুৰ্বৃত্তৰ। দিছপুৰৰ নিচেই সমীপৰ দেৱদাৰু পথৰ ৭নং গৃহত সংঘটিত হ'ল এই ঘটনা। নিশা ১ বজাত ব্যৱসায়ীক ছুৰীকাঘাত। পুত্ৰৰ মৰণকাতৰ চিঞৰ শুনি দৌৰি আহিল মাতৃ। চিচি টিভিত বন্দী হ'ল দুৰ্বৃত্ত ওলাই যোৱাৰ দৃশ্য। আক্ৰমণকাৰীৰ মুখ চিনিলে মাতৃয়ে।


শোৱাপাটীতেই হানি-খুঁচি হত্যাৰ অপচেষ্টা ব্যৱসায়ী অভিজিৎ শইকীয়াক। GNRCৰ ICUত জীৱন-মৃত্যুৰে যুঁজিছে অভিজিৎ শইকীয়াই। বুধবাৰে নিশা ১ বজাত কি হৈছিল অভিজিৎ শইকীয়াৰ বাসগৃহ শান্তিনীৰত? ঘৰৰ ৱাল পাৰ হৈ ঘাতক সোমাইছিল অভিযন্তা ধ্ৰুৱ কুমাৰ শইকীয়াৰ বাসগৃহৰ দ্বিতীয় মহলাত৷


দ্বিতীয় মহলাত বাস কৰে ধ্ৰুৱ কুমাৰ শইকীয়া আৰু অধিবক্তা নিৰুপমা শইকীয়াৰ পুত্ৰ  অভিজিৎ শইকীয়া ওৰফে ৰাহুলে ৷ শুই থকা অৱস্থাতে অভিজিৎ ওৰফে ৰাহুলক উপৰ্যুপৰি ছুৰীৰে আক্ৰমণ কৰে ঘাতকৰূপী দুৰ্বৃত্তই৷


গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অভিজিতৰ কাতৰ চিঞৰত মাতৃ তথা বনকৰা মহিলাগৰাকীয়ে  প্ৰাণৰক্ষা কৰিবলৈ চেষ্টা চলাই যদিও নিজকে  কথমপি ৰক্ষা কৰে  দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা ৷ কিছু সময়ৰ পিছত দুৰ্বৃত্তই সেই স্থান ত্যাগ কৰাৰ পিছতেই বিছনাত ছটফটাই থকা অভিজিতক লৈ ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় GNRC চিকিৎসালয়ত।


হত্যাকাণ্ডৰ সৈতে পোনপটীয়াকৈ জড়িত আছে নয়ন নাথ নামৰ এজন লোক। সেই নয়নেই পূৰ্বতে বহু বছৰ ধৰি গাড়ী চালক হিচাপে আছিল এইটো বাসগৃহত। তদুপৰি ঘটনাৰ সময়ত স্পষ্টকৈ নয়নৰ মুখখন চিনি পাইছিল মাতৃ নিৰুপমা শইকীয়াই৷ আনকি আক্ৰমণ কৰিয়েই দুৰ্বৃত্তই পুনৰ ঘৰৰ ৱাল পাৰ হৈ যোৱাৰ দৃশ্যও প্ৰত্যক্ষ কৰিছিল মাতৃয়ে ৷ এতিয়াও তেজৰ চেকুৰা স্পষ্টকৈ জিলিকি আছে সেই স্থানত।


বৰ্তমান আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। খানাপাৰাস্থিত ড্ৰিমলেণ্ডৰ স্বত্বাধিকাৰী অভিজিৎ শইকীয়া কিয় টাৰ্গেট হ'ল দুৰ্বৃত্তৰ? সন্দেহ কৰা প্ৰাক্তন গাড়ীচালকে কি কাৰণত হত্যাৰ চেষ্টা চলাইছিল ব্যৱসায়ীগৰাকীক? গাড়ীচালক নয়নক বিচাৰি আৰক্ষীয়ে চলাইছে জোৰদাৰ অভিযান।

শেহতীয়া বাতৰি