হাজোত ডকাইতৰ দৌৰাত্ম্য! বাইক আৰোহীক আক্ৰমণ ৬–৭জনীয়া ডকাইতৰ দলৰ, চিঞৰ–বাখৰ কৰাত গাড়ী এৰি পলাল ডকাইত

News18 Assam | News18-Assam
Updated:October 16, 2020, 10:12 AM IST
হাজোত ডকাইতৰ দৌৰাত্ম্য! বাইক আৰোহীক আক্ৰমণ ৬–৭জনীয়া ডকাইতৰ দলৰ, চিঞৰ–বাখৰ কৰাত গাড়ী এৰি পলাল ডকাইত
ইন'ভা গাড়ীত অহা ৬-৭ জনীয়া এটা ডকাইতৰ দলে আগচি ধৰি যুৱকজনক মাৰপিটত কৰি আঘাত কৰাৰ লগতে যুৱকজনক ডকাইতিৰ চেষ্টা চলাই।

ইন'ভা গাড়ীত অহা ৬-৭ জনীয়া এটা ডকাইতৰ দলে আগচি ধৰি যুৱকজনক মাৰপিটত কৰি আঘাত কৰাৰ লগতে যুৱকজনক ডকাইতিৰ চেষ্টা চলাই।

  • Share this:
এটাৰ পাছত আনটো অপৰাধজনিত ঘটনাই এতিয়া জোকাৰিছে তীৰ্থনগৰী হাজো। হাজোৰ ৰাজপথত পুনৰ ডকাইতৰ দৌৰাত্ম্য। নিশা হাজোৰ নয়নপুৰত চাঞ্চল্যকৰ ঘটনা। বিলাসী ইন'ভা বাহনত অহা ৬-৭ জনীয়া ডকাইতৰ দলৰ আক্ৰমণ বাইক এজন আৰোহীক। হাজোৰ নয়নপুৰত সংঘটিত হোৱা এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

নিশা নলবাৰীৰ বালিলেছাৰ বলেন কলিতা নামৰ যুৱকে বাইকেৰে গুৱাহাটীৰ পৰা আহি আছিল নলবাৰীৰ নিজৰ ঘৰ অভিমুখে। যুৱকজন আহি থকা অৱস্থাত হাজোৰ নয়নপুৰত, এখন ইন'ভা গাড়ীত অহা ৬-৭ জনীয়া এটা ডকাইতৰ দলে আগচি ধৰি যুৱকজনক মাৰপিটত কৰি আঘাত কৰাৰ লগতে যুৱকজনক ডকাইতিৰ চেষ্টা চলাই।

সেই ময়তেই যুৱকজনে চিঞৰ–বাখৰ কৰাত পিছফালৰ পৰা আহি থকা ট্ৰেভেলাৰ গাড়ী এখনে ডকাইতৰ বাহনখনক আগভেটি ধৰাত ঘটনাস্থলীৰ পৰা ইন'ভা বাহন এৰি ডকাইতৰ দলটোৱে পলায়ন কৰে।

এই ঘটনাৰ পাছতেই স্থানীয় ৰাইজে লণ্ডভণ্ড কৰে বিলাসী বাহনখন। ইতিমধ্যে বাহনখনৰ পৰা আৰক্ষীয়ে এখন ছুৰীৰ লগতে কিছুসংখ্যক ৰছী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।
Published by: Sanjay Kumar Das
First published: October 16, 2020, 10:12 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading