গুৱাহাটীৰ সৎ সংগ বিহাৰত অসৎ কাৰ্য!

গুৱাহাটী মহানগৰীৰ পাণ্ডুস্থিত অনুকূল ঠাকুৰৰ সৎ সংগ বিহাৰত পুৰোহিতক ছুৰীৰে আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ। সৎ সংগৰ চৌহদত অনৈতিক কাৰ্যত লিপ্ত হোৱা যুৱকৰ এটা দলে সংঘটিত কৰে এই কাৰ্য।

news18assam
Updated:May 14, 2019, 12:19 PM IST
গুৱাহাটীৰ সৎ সংগ বিহাৰত অসৎ কাৰ্য!
গুৱাহাটী মহানগৰীৰ পাণ্ডুস্থিত অনুকূল ঠাকুৰৰ সৎ সংগ বিহাৰত পুৰোহিতক ছুৰীৰে আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ। সৎ সংগৰ চৌহদত অনৈতিক কাৰ্যত লিপ্ত হোৱা যুৱকৰ এটা দলে সংঘটিত কৰে এই কাৰ্য।
news18assam
Updated: May 14, 2019, 12:19 PM IST
গুৱাহাটী মহানগৰীৰ পাণ্ডুস্থিত অনুকূল ঠাকুৰৰ সৎ সংগ বিহাৰত পুৰোহিতক ছুৰীৰে আক্ৰমণৰ চেষ্টা দুৰ্বৃত্তৰ। সৎ সংগৰ চৌহদত অনৈতিক কাৰ্যত লিপ্ত হোৱা যুৱকৰ এটা দলে সংঘটিত কৰে এই কাৰ্য। সৎ সংগৰ চৌহদত যুৱক–যুৱতীৰ এটা দলে সুৰাপান কৰি অনৈতিক কাৰ্যত লিপ্ত হোৱা কাৰ্যত বাধা প্ৰদান কৰিছিল পুৰোহিত ৰাজা ভট্টাচাৰ্যই। তাতেই ক্ষুব্ধ হৈ যুৱকৰ দলটোৱে আক্ৰমণৰ চেষ্টা চলায় পুৰোহিতজনৰ ওপৰত।

দুৰ্বৃত্তৰ দলটোৱে ভাঙিলে সৎ সংগৰ খিৰিকীৰ আইনাও। দুৰ্বৃত্তৰ আক্ৰমণত আহত হয় পুৰোহিত ৰাজা ভট্টাচাৰ্য। এই ঘটনা সন্দৰ্ভত পুৰোহিতগৰাকীয়ে জালুকবাৰী আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি