ঢেকিয়াজুলিত লোমহৰ্ষক ঘটনা, শুই থকা অৱস্থাতে মাতৃ–ভগ্নীক ঘপিয়াই দুৰ্বৃত্তই উঠাই নিলে ১২ বছৰীয়া কিশোৰীক

TMCHত মৃত্যুক সাবটি লয় দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত জিলি ৰাভা নামৰ মহিলাগৰাকীয়ে৷
TMCHত মৃত্যুক সাবটি লয় দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত জিলি ৰাভা নামৰ মহিলাগৰাকীয়ে৷
- News18 Assam
- Last Updated: February 21, 2021, 4:34 PM IST
ইফালে, দুৰ্বৃত্তই উঠাই নিয়া ১২ বছৰীয়া পুৰৱী ৰাভাৰ বৰ্তমানলৈকে নাই শুংসূত্ৰ৷ ঘটনা সংঘটিত হোৱাৰ পিছতেই ঢেকিয়াজুলিৰ আৰক্ষীৰ এটা বৃহৎ দলে পুৰৱী ৰাভাক বিচাৰি বৰ্তমানলৈকে অভিযান চলাই আছে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ ঘটনাস্থলীৰ কিছু দূৰত কিশোৰীগৰাকীৰ পিন্ধি থকা সমষ্ট কাপোৰ উদ্ধাৰ হোৱাত আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত অভিযান চলাইছে যদিও কোনো ধৰনৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷
স্থানীয় লোকে প্ৰকাশ কৰা মতে, নিশা জিলি ৰাভা নামৰ মহিলাগৰাকী দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈ আহত অৱস্থাত দৌৰি গৈ কাষৰ এঘৰ লোকৰ ঘৰত গৈ ঢলি পৰে আৰু তেওঁলোকক কয় মোৰ দুটা সন্তানক ৰক্ষা কৰক নহ’লে তেওঁলোকে হত্যা কৰিব৷ মহিলাগৰাকীয়ে ইমানখিনি কথা কোৱাৰ পিছতে মুৰ্চা যায়৷ ইয়াৰ পিছতেই স্থানীয় লোকে ততাতৈয়াকৈ জিলি ৰাভাৰ ঘৰত উপস্থিত হৈ দেখে কণমানি চেৱা ৰাভা আহত অৱস্থাত পথাৰৰ মাজত মা মা বুলি চিঞৰি থকাত তেওঁলোকে কনমানি চেৱাক উদ্ধাৰ কৰে যদিও জিলি ৰাভাৰ জেষ্ঠ কন্যা পুৰৱী ৰাভাক ঘটনাস্থলীত বিচাৰি নাপায়৷
আনহাতে, TMCHত মৃত্যু হয় আহত মাতৃ জিলি ৰাভা৷ দুৰ্বৃত্তক কৰায়ত্ত কৰি দৃষ্টামূলক শাস্তি দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজ আৰু দল–সংগঠনে৷ উল্লেখ্য যে মৃত জিলি ৰাভাৰ স্বামী মোহন ৰাভা কৰ্মসূত্ৰে থাকে মণিপুৰত৷ উল্লেখযোগ্য যে পথাৰৰ মাজত কিশোৰীগৰাকীৰ পিন্ধি থকা কাপোৰ উদ্ধাৰৰ পিছতেই ৰাইজে সন্দেহ কৰিছে যে কোনো নৰপিশাচে হয়তো অসৎ উদ্দেশ্য চৰিতাৰ্থ কৰি কিশোৰীগৰাকীকো হত্যা কৰি ক'ৰবাত লুকুৱাই ৰাখিছে৷