‘গৌতম ৰয়–ভুবনেশ্বৰ কলিতাৰ দৰে নিৰ্লজ্জ হ’ব নোৱাৰো বাবেই আমি ৰাজনীতিৰ বাবে ফিট নহয়’

ছচিয়েল মিডিয়াত ৰাজ্যিক বিজেপিক তুলাধুনা মীৰা বৰঠাকুৰৰ, ভুবনেশ্বৰ কলিতা আৰু গৌতম ৰয়ক কটাক্ষ।

News18-Assam
Updated:August 11, 2019, 3:04 PM IST
‘গৌতম ৰয়–ভুবনেশ্বৰ কলিতাৰ দৰে নিৰ্লজ্জ হ’ব নোৱাৰো বাবেই আমি ৰাজনীতিৰ বাবে ফিট নহয়’
ছচিয়েল মিডিয়াত ৰাজ্যিক বিজেপিক তুলাধুনা মীৰা বৰঠাকুৰৰ, ভুবনেশ্বৰ কলিতা আৰু গৌতম ৰয়ক কটাক্ষ।
News18-Assam
Updated: August 11, 2019, 3:04 PM IST
এজনৰ পিছত এজনকৈ কংগ্ৰেছৰ নেতাই বিজেপিলৈ গমন কৰাৰ সময়তে ৰাজ্যিক বিজেপিক সমালোচনাৰে থকা–সৰকা কৰিলে মীৰা বৰঠাকুৰে। ছচিয়েল মিডিয়াত বিজেপিক কঠোৰ সমালোচনা কৰি মীৰা বৰঠাকুৰে কয় – ‘এটা সময় আছিল, মাজে মাজে মই হতাশ হৈছিলো যে ৰাজনীতিত আমাৰ একো নহ’ব নেকি? আজি সম্পূৰ্ণৰূপে হতাশমুক্ত হ’লো। আজিৰ পৰা মই নিজকে নিজে সন্তুষ্টি লভিছো, নাই আমাৰ বাবে ৰাজনীতি এনেও নহয় কাৰণ আমি গৌতম ৰয়, ভুবনেশ্বৰ কলিতা আদিৰ দৰে ইমান নিৰ্লজ্জ হ’ব নোৱাৰে। স্বাভিমান আমাৰ মূলধন।’

‘যেতিয়ালৈ গৌতম ৰয়, ভুবনেশ্বৰ কলিতাৰ দৰে দেশপ্ৰেমিক হ’ব নোৱাৰিম, ৰাজনীতিৰ বাবে আমি ফিট নহয়। ক্ষমতাসৰ্বস্ব ৰাজনীতি। এনে পৰিৱৰ্তন কাম্য নহয়। বিজেপি অসম প্ৰদেশৰ নেতৃত্বলৈ নমস্কাৰ জনালো কাৰণ আপোনালোকে আমাক বুজাই দিলে যে আজিৰ ৰাজনীতি আমাৰ দৰে মানুহৰ বাবে নহয়, য’ত আপোচ নাই।’ – ফেচবুকত মন্তব্য মীৰা বৰঠাকুৰৰ।

মীৰা বৰঠাকুৰে নিজৰ পোষ্টত উল্লেখ কৰিছে যে আজি মই নিজকে স্বাভিমানী চহকী অসমীয়া মহিলা হিচাপে গৌৰৱ কৰিছো যে গৌতম, ভুবনেশ্বৰ কলিতাতকৈ আমি বহু উচ্চমানৰ ৰাজনৈতিক কৰ্মী। আমাক বিজেপিয়ে কিয় দূৰত ৰাখিছে তাৰ প্ৰমাণ আজি তেওঁলোকেই দিলে।

আমি ইমান তললৈ যাব পৰা কৰ্মী নহয়। ‘নাচ মেৰি বুলবুল তুঝে পইচা মিলেগা’ সুৰত আমি নাচিব নোৱাৰো বুলি তেওঁলোকে জানে৷
আৰু চাওক পৰৱৰ্তী বাতৰি