‘একাংশ সাংবাদিকে বিকৃত কৰিলে মোৰ ভাষ্য, সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ত অসমত দ্বিতীয়জনৰ চিন্তাৰ কথাই নাহে’

শুকুৰবাৰে তেজপুৰত মন্ত্ৰীগৰাকীয়ে কৈছিল যে, ‘মোৰ ক্লীয়াৰ কাট কথা, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ সম্পূৰ্ণযোগ্য।
শুকুৰবাৰে তেজপুৰত মন্ত্ৰীগৰাকীয়ে কৈছিল যে, ‘মোৰ ক্লীয়াৰ কাট কথা, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ সম্পূৰ্ণযোগ্য।
- News18 Assam
- Last Updated: August 15, 2020, 11:33 AM IST
৭৪সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা মন্ত্ৰীগৰাকীক সংগ দিয়ে তেওঁৰ পত্নী তথা জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই। স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰাৰ পিছতে নগাঁও আৱৰ্ত ভৱনত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষ্য সাংবাদিকেহে ৰহণ সানি প্ৰচাৰ কৰা বুলি অভিযোগ কৰে।
উল্লেখযোগ্য যে, শুকুৰবাৰে তেজপুৰত মন্ত্ৰীগৰাকীয়ে কৈছিল যে, ‘মোৰ ক্লীয়াৰ কাট কথা, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ সম্পূৰ্ণযোগ্য। যোৱা ২০ বছৰে তেওঁ অতি সফল মন্ত্ৰী। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব সেয়া দল আৰু নিৰ্বাচিত বিধায়কে নিৰ্ধাৰণ কৰিব।’