Pijush Vs Akhil: পূৰ্বতে অখিল গগৈৰ দেহত লাচিতৰ তেজ আছিল যদিও এতিয়া তেওৰ দেহত মোগলৰ তেজ আছে বুলি কটাক্ষ কৰে মন্ত্ৰী পিযুষ হাজৰিকাই।
Pijush Vs Akhil: পূৰ্বতে অখিল গগৈৰ দেহত লাচিতৰ তেজ আছিল যদিও এতিয়া তেওৰ দেহত মোগলৰ তেজ আছে বুলি কটাক্ষ কৰে মন্ত্ৰী পিযুষ হাজৰিকাই।
শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ (Akhil Gogoi)ক আজি পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)ই। অখিল গগৈয়ে নিজকে লাচিতৰ বংশধৰ বুলি আৰু পিয়ুষ হাজৰিকাৰ দেহত মোগলৰ তেজ থকা বুলি মন্তব্য কৰাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷
আজি বাঘবৰত পিয়ুষ হাজৰিকাই অখিল গগৈক উভতি ধৰি কয়, "পূৰ্বতে হিন্দুসকল মোগললৈ ধৰ্মান্তৰিত হৈছিল ৷ ঠিক তেনেদৰে অখিল গগৈয়েও এতিয়া মোগললৈ ধৰ্মান্তৰিত হৈছে। পূৰ্বতে অখিল গগৈৰ দেহত লাচিতৰ তেজ আছিল যদিও এতিয়া তেওৰ দেহত মোগলৰ তেজ আছে ৷"
ইপিনে ৰাজ্যৰ কতোৱেই বটদ্ৰৱা কাণ্ডৰ পুনৰাবৃত্তি কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিয়ে পিয়ুষ হাজৰিকাই৷ বটদ্ৰৱাই নহয়, জনীয়া, বাঘবৰ আনকি ধুবুৰীতো থানা আক্ৰমণ কৰিবলৈ দিয়া নহ'ব বুলি দৃঢ় কণ্ঠে ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|