কোৰোণাত আক্ৰান্ত হ'ল মন্ত্ৰী পীয়ুষ হাজৰিকা। এই কথা মন্ত্ৰীগৰাকীয়ে টুইটাৰ যোগে জনাইছে। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে, তেওঁৰ দেহত আছে কোৰোণাৰ সামান্য লক্ষণ। বৰ্তমান হোম আইচ'লেছনত আছে মন্ত্ৰীগৰাকী।
ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই বৰ্তমান তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। লগতে সকলোকে কোভিড বিধি মানিবলৈ কৈছে।
ইফালে অসমত এই পৰ্যন্ত মুঠ ৯ গৰাকী লোক অমিক্ৰণত আক্ৰান্ত হৈছে। ইয়াৰে তিনিগৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে। তাৰ বিপৰীতে ৬ গৰাকী বৰ্তমানে চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন আটাইকেইগৰাকী ডিব্ৰুগড় জিলাৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈছিল আলতাভ হুছেইন। তেওঁ ইতিমধ্যে সুস্থ হৈ নিজ গৃহলৈ উভতিছে। আনহাতে চৌদি আৰৱৰ পৰা অহা মামুদ হুছেইন আৰু ৰোহন হুছেইনৰো কোভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 07, 2022, 13:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।