জমি উঠিছে বিধায়ক অখিল গগৈ আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মাজৰ বাকযুদ্ধ
জমি উঠিছে বিধায়ক অখিল গগৈ আৰু মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মাজৰ বাকযুদ্ধ
"বিধায়ক আৱাসৰ মেৰামতিৰ কাম চলি আছে। সেয়েহে বৰ্তমানলৈকে কোনো বিধায়কেই নিজৰ আৱাসত প্ৰৱেশ কৰিব পৰা নাই। কিন্তু অখিল গগৈ ডাঙৰীয়াই নিজকে বিশেষ কেটেগৰীৰ বিধায়ক বুলি ভাৱে। সেয়েহে তেওঁৰ অভিযোগ বেছি।"- নগাঁৱত আজি বিধায়ক অখিল গগৈক এইদৰে কটাক্ষ কৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই।
মন্ত্ৰী গৰাকীয়ে লগতে কয়, "অখিল গগৈ ডাঙৰীয়াৰ গুৱাহাটীত নিজা ঘৰ আছে। বিধায়ক আৱাসৰ মেৰামতি সম্পূৰ্ণ নোহোৱালৈকে তেওঁ তাত থাকিব পাৰে। অন্য বিধায়কসকলেও বিধায়ক আৱাসত প্ৰৱেশ কৰিব পৰা নাই। কিন্তু কোনেও অভিযোগ কৰা নাই এইদৰে।"
আনহাতে, শুকুৰবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত পীয়ুষ হাজৰিকাৰ কথা মই নকও বুলি অখিল গগৈয়ে কৰা মন্তব্যৰ সন্দৰ্ভত পীয়ুষ হাজৰিকাই কয়- "অখিল গগৈয়ে ২০১১ চনৰে পৰা মোৰ বিৰুদ্ধে কৈ আছে। ২০১১ত ৰহাত সভা পাতি মোক ভোট নিদিবলৈ কৈছিল, আকৌ ২০১৬তো জাগীৰোডত সভা পাতি মোক ভোট নিদিবলৈ কৈছিল।"
ইপিনে ৰেকিবুদ্দিন আহমেদৰ লগত পুৱা চাইকেল চলোৱাৰ লগত ৰেকিবুদ্দিনে বিজেপিত যোগদান কৰাৰ কিবা সম্ভাৱনা আছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত পীয়ুষ হাজৰিকাই কয়, "তেনেকুৱা একো নাই। এমএলএ হোষ্টেলৰ ভিতৰত কোনো কংগ্ৰেছ-বিজেপি নাই।"
আনহাতে কাজিৰঙাৰ সম্ভাৱ্য বান পৰিস্থিতি সন্দৰ্ভত হাজৰিকাই কয়, "কাজিৰঙাৰ পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে তাত বান হোৱাটো আমি বিচাৰো।" মন্ত্ৰীগৰাকীয়ে নগাঁৱৰ ক'ভিড পৰিস্থিতি উন্নত হৈছে বুলিও মন্তব্য কৰে লগতে কয়, এতিয়াও আমি বিপদমুক্ত নহয়। ক'ভিড শেষ নোহোৱালৈকে সকলোৱে সাৱধানতা অৱলম্বন কৰক। নগাঁৱৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা পীয়ুষ হাজিৰকাই আজি জিলা উপায়ুক্ত কবিথা পদ্মনাভন, বিধায়ক ৰূপক শৰ্মা, বিধায়ক জিতু গোস্বামী আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|