মুখ্যপৃষ্ঠা » খবৰ

» অসম

»লখিমপুৰত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত আঢ়ৈ কোটিৰ কেলেংকাৰী! তালিকাত নাম সোমাল ৫০ বছৰীয়া লোকৰ

লখিমপুৰত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত আঢ়ৈ কোটিৰ কেলেংকাৰী! তালিকাত নাম সোমাল ৫০ বছৰীয়া লোকৰ

News18 Assam | News18-Assam
Updated:October 1, 2020, 12:00 PM IST
লখিমপুৰত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত আঢ়ৈ কোটিৰ কেলেংকাৰী! তালিকাত নাম সোমাল ৫০ বছৰীয়া লোকৰ
নাওবৈচা সমষ্টিৰ বিদ্যালয়সমূহত ২০১৯–২০ বৰ্ষৰ ছাত্ৰবৃত্তিৰ তালিকাত অধিকাংশ ভুৱা ছাত্ৰ আছে বুলি দাবী কৰিছে আমছুৱে৷

নাওবৈচা সমষ্টিৰ বিদ্যালয়সমূহত ২০১৯–২০ বৰ্ষৰ ছাত্ৰবৃত্তিৰ তালিকাত অধিকাংশ ভুৱা ছাত্ৰ আছে বুলি দাবী কৰিছে আমছুৱে৷

  • Share this:
কেৱল লখিমপুৰ জিলাতে সংখ্যালঘু ছাত্ৰ–ছাত্ৰী সকলক বৃত্তি দিয়াৰ নামত সংঘটিত হ’ল প্ৰায় আঢ়ৈ কোটি টকাৰ বৃহৎ কেলেংকাৰী৷ সংখ্যালঘু বসতিপ্ৰধান নাওবৈচা সমষ্টিৰ বিদ্যালয়সমূহত ২০১৯–২০ বৰ্ষৰ ছাত্ৰবৃত্তিৰ তালিকাত অধিকাংশ ভুৱা ছাত্ৰ আছে বুলি দাবী কৰিছে আমছুৱে৷ আনকি ছাত্ৰ–ছাত্ৰীসকলৰ বৃত্তিৰ টকা কেইটা আত্মসাত কৰিবলৈকে পঞ্চাশোৰ্ধ্বৰ লোকৰ নামত বৃত্তি আবণ্টন দিয়াৰ তথ্য সদৰি কৰিছে আমছুৱে৷

লখিমপুৰৰ কৰুণাবাৰীৰ আমছুৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি আমছুৱে লগতে দাবী কৰে যে ছাত্ৰবৃত্তি কেলেংকাৰীত বিদ্যালয়ৰ প্ৰধানৰ লগতে কৰ্তৃপক্ষ, কেইজনমান মানৱ অধিকাৰ কৰ্মী আৰু বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ কেইজনমান লোক জড়িত আছে৷ আমছুৰ তৰফৰ পৰা সমগ্ৰ অসমত সংঘটিত হোৱা ছাত্ৰবৃত্তি কেলেংকাৰী উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে৷
Published by: Sanjay Kumar Das
First published: October 1, 2020, 12:00 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি