নগাঁও জিলাত বহু ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত প্ৰি-মেট্ৰিক অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অনুৰ্ধ্ব সংখ্যালঘু ছাত্ৰবৃত্তি প্ৰদান কৰা হৈছে। নগাঁও প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি এই অভিযোগ তুলিছে RTI কৰ্মী আছিফ জাহানে।
নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নাথ আৰু বিভিন্ন শিক্ষাখণ্ড বিষয়াৰ নেতৃত্বতে এই দুৰ্নীতি হোৱাৰ অভিযোগ তুলিছে আছিফ জাহানে। জাহানে লগতে কয়, হাইস্কুল শিক্ষান্ত পৰীক্ষা উৰ্ত্তীণ নোহোৱা সংখ্যালঘূ ছাত্ৰ-ছাত্ৰীৰ বাবে আবণ্টিত ধন ইতিমধ্যে শিক্ষাবিষয়া আৰু দালালচক্ৰই আত্মসাৎ কৰিছে।
জুৰীয়াৰ আৰশ্বাদ আৰু জেহিৰুল নামৰ দুই দালালৰ নেতৃত্বত এই দুৰ্নীতি হোৱাৰো অভিযোগ তুলিছে জাহানে। কেৱল মাত্ৰ সংখ্যালঘূ ছাত্ৰবৃত্তিয়েই নহয়, মধ্যাহ্ন ভোজন আৰু স্কুল ইউনিফৰ্মৰ নামতো এইসকল শিক্ষা বিষয়াই দুৰ্নীতি কৰাৰ অভিযোগ তুলিছে জাহানে। জাহানে সংবাদমেলত কৰা অভিযোগ অনুসৰি নগাঁও জিলাত স্কুল ইউনিফৰ্মৰ নামত প্ৰায় ৭.৫০কোটি টকাৰ বিয়াগোম কেলেংকাৰী সংঘটিত হৈছে। এইক্ষেত্ৰত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুক তদন্তৰ জৰিয়তে কঠোৰ পদক্ষেপ লোৱাৰ বাবেও আহ্বান জনাইছে আৰটিআই কৰ্মীগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|