সমগ্ৰ অসমতে ভুৱা সংখ্যালঘু ছাত্ৰৰ নামত ছাত্ৰবৃত্তি (Minority Scholarship Scam)ৰ ধন সৰকোৱাৰ ব্লুপ্ৰিণ্ট ৰঁচিচে এটা প্ৰভাৱশালী চক্ৰই। শেহতীয়াকৈ নগাঁও জিলাৰ বিভিন্ন শিক্ষাখণ্ডত সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত ব্যাপক খেলিমেলি হোৱাৰ বাতৰি সম্প্ৰচাৰিত হৈছিল।
নগাঁও জিলাৰ কঠিয়াতলি শিক্ষাখণ্ডত সংখ্যালঘু ছাত্ৰবৃত্তিত সৰ্বাধিক জালিয়াতি হোৱাৰ অভিযোগ উঠিছিল। ইয়াৰ পিছতে আজি নগাঁও প্ৰেছ ক্লাৱত আছিফ জাহান নামৰ এজন যুৱকে এক সংবাদমেল অনুষ্ঠিত কৰি সংখ্যালঘু ছাত্ৰবৃত্তিৰ (Minority Scholarship Scam) নামত ভয়ংকৰ দূৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে। যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, দুলীয়াজান আদি ঠাইৰ বহু ভুৱা ছাত্ৰৰ নামত ছাত্ৰবৃত্তিৰ আবেদন কৰাৰ অভিযোগ কৰে আছিফ জাহানে। আনকি গুৰুজনাৰ সত্ৰীয়া সংস্কৃতিৰ শিক্ষাৰ বাবে যোৰহাটত স্থাপন কৰা সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ ৩৪৬জন ছাত্ৰৰ নামত সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধনৰ আবেদন কৰাৰ তথ্য সংবাদমেলত দাঙি ধৰে আছিফ জাহানে।
প্ৰতিষ্ঠানখনৰ ন'ডেল অফিচাৰ গৰাকীৰ নাম ৰহিমা খাতুন বুলি উল্লেখ কৰা হৈছে যদিও তেনে নামৰ কোনো ব্যক্তি প্ৰতিষ্ঠানখনত নাই বুলি কয় আছিফ জাহানে। আনহাতে, তেঁওৰ যোগাযোগৰ বাবে দিয়া ৯১২৭১-৪৩৩৭৪ নম্বৰটোৰো কোনো অস্তিত্ব নাই। একেদৰে, দুলীয়াজান বালিকা মহাবিদ্যালয়, মৰাণ বাণিজ্য মহাবিদ্যালয়, ধেমাজি বাণিজ্য মহাবিদ্যালয়, তিনিচুকীয়া জনতা মহাবিদ্যালয়, যোৰহাট কেবিএম শিক্ষণ প্ৰতিষ্ঠান আদি বহু প্ৰতিষ্ঠানৰ ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত সংখ্যালঘু ছাত্ৰবৃত্তিৰ (Minority Scholarship Scam) ধন উলিয়াই নিয়াৰ অপচেষ্টাত লিপ্ত হৈছে দুষ্ট চক্ৰটো।
চক্ৰটোৰ সৈতে দুগৰাকী সংখ্যালঘু বিধায়কো জড়িত থকাৰ অভিযোগ কৰিছে আছিফে। আছিফৰ এই অভিযোগৰ পিছতেই অসমত কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত ভয়ংকৰ জালিয়াতি হোৱাৰ বিষয়টো স্পষ্ট হৈ পৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|