ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত ভুৱা সংখ্যালঘু ছাত্ৰ-ছাত্ৰী (Fake minority students)ৰ নামত সংখ্যালঘু ছাত্ৰবৃত্তি (Minority Scholarship)ৰ ধন সৰকোৱাৰ বাবে এটা প্ৰভাৱশালী চক্ৰই চক্ৰান্ত কৰাৰ সন্দৰ্ভত নিউজ১৮ অসম/নৰ্থইষ্ট (News18 Assam/Northeast)ত ধাৰাবাহিক ভাৱে বাতৰি প্ৰকাশ হোৱাৰ পাছত অৱশেষত গা-লৰিল ৰাজ্যৰ চৰ এলেকা উন্নয়ন বিভাগৰ। শেহতীয়াকৈ বিভাগটোৱে যি সমূহ শিক্ষানুষ্ঠানে ভুৱা সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ নামত সংখ্যালঘু বৃত্তিৰ ধন আত্মসাতৰ ফান্দ পাতিছিল সেই সমূহ শিক্ষানুষ্ঠানৰ নাম সংখ্যালঘু বৃত্তিৰ অনুমোদিত তালিকাৰ পৰা চৰকাৰে কৰ্তনৰ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।
সেই মৰ্মে ইতিমধ্যেই প্ৰায় শতাধিক শিক্ষানুষ্ঠানৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে বুলি এক বিভাগীয় সুত্ৰে জানিব পৰা গৈছে। আনকি, দুৰ্নীতিত লিপ্ত থকা সংশ্লিষ্ট বিভাগটোৰ নিৰ্দিষ্ট দায়িত্বত থকা জিতূু উপাধিৰ এগৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যহতি দিয়া বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, বিগত বৰ্ষসমুহৰ দৰে চলিত ২০২১-২০২২ বৰ্ষতো ৰাজ্যৰ একাধিক জিলাত প'ষ্ট মেট্ৰিক সংখ্যালঘু ছাত্ৰ বৃত্তি (Post Matriculation Minority Student Scholarship)ৰ নামত ভয়াৱহ কেলেংকাৰী সংঘটিত হৈছিল। উত্থাপিত অভিযোগ অনুসৰি, নগাঁও, মৰিগাঁও, হোজাই জিলাৰ লগতে ৰাজ্যৰ প্ৰায়বোৰ জিলাতে এইবাৰো পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি অসম সংখ্যালঘু উন্নয়ন বৰ্ডে (Assam Minority Development Board) সংখ্যালঘু ছাত্র-ছাত্ৰীৰ বাবে ৰূপায়ণ কৰা প্ৰি-মেট্ৰিকৰ লগতে অসম চৰ এলেকা উন্নয়ন ব'ৰ্ডে ৰূপায়ণ কৰা পোষ্ট মেট্ৰিক স্কলাৰশ্বীপৰ নামতো অসংখ্য ভুৱা হিতাধিকাৰীৰ জৰিয়তে এটা অসাধু চক্ৰই কোটি কোটি টকা লুণ্ঠন কৰাৰ ফন্দি ৰচনা কৰিছিল। এই চক্ৰটোৱে বিগত বৰ্ষ সমূহত একাংশ বেংক, চি এছ পিৰ লগত মিলি ভুৱা হিতাধিকাৰীৰ নামত কোটি কোটি সৰকোৱাৰ বাতৰি ইতিপূৰ্বে সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৱশ্যে প্ৰি-মেট্ৰিক স্কলাৰশ্বীপৰ বাবে অতি কৌশলেৰে বিভাগীয় কৰ্তৃপক্ষৰ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীৰ লগত গোপন বুজাবুজিৰে নগাঁও জিলাৰ একাংশ বিদ্যালয়ৰ গোপন পাছৱৰ্ড সংগ্ৰহ কৰি আবেদন কৰিছিল যদিও এই সন্দৰ্ভত ধাৰাবাহিক বাতৰি প্ৰকাশ পোৱাৰ পিছত ইতিমধ্যে জিলা কৰ্তৃপক্ষই সেই বিদ্যালয় সমুহৰ নাম কৰ্তন কৰে।
অসম চৰ এলেকা উন্নয়ন পৰিষদে ৰূপায়ণ কৰা পোষ্ট মেট্ৰিক স্কলাৰশ্বীপৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে অন লাইন যোগে আবেদন কৰাৰ পিছত বিদ্যালয় কৰ্তৃপক্ষই অনুমোদন জনাব লাগে। ইয়াৰ পিছত আৰু কোনো জিলা কৰ্তৃপক্ষ নাথাকে। এই আবেদনসমূহ পোনে পোনে চৰ উন্নয়ন ব'ৰ্ডে ৰাজ্যিক পৰ্যায়ৰ অনুমোদন জনোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে সেই ধন ছাত্ৰ-ছাত্ৰীৰ নিৰ্দিষ্ট একাউণ্টত জমা কৰি দিয়ে।
আশ্চৰ্যজনক কথাটো এই যে নগাঁৱৰ লগতে ৰাজ্যৰ এটা অসাধু চক্ৰই চৰ এলেকা উন্নয়ন বৰ্ডৰ নিৰ্দিষ্ট দায়িত্বত থকা জিতু উপাধিৰ এগৰাকী কৰ্মচাৰীক মেনেজ কৰি ৰাজ্যৰ বহু কেইখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ গোপন লগ ইন আইডি পাছৱাৰ্ড সংগ্ৰহ কৰি শ শ ভূৱা ছাত্ৰ-ছাত্ৰীৰ নামত আবেদন কৰি কোটি কোটি সৰকোৱাৰ ফন্দি ৰচনা কৰাৰ বাতৰি ইতিমধ্যে প্ৰকাশ পাইছে। এই সন্দৰ্ভত ইতিমধ্যে একাংশ সচেতন লোকে চৰ এলেকা উন্নয়ন বৰ্ডৰ সঞ্চালকক লিখিত অভিযোগ পত্ৰও দাখিল কৰে। ইপিনে, নগাঁও, হোজাই, যোৰহাট, কামৰূপ, তিনিচুকীয়া, চৰাইদেউ, লক্ষীমপুৰ, শিৱসাগৰ কাছাৰ আদি জিলাৰ একাংশ উচ্চ শিক্ষানুষ্ঠান কৰ্তৃপক্ষৰ অজ্ঞাতে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ পৰা পাছৱাৰ্ড সংগ্ৰহ কৰি শ শ ভুৱা সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ ধন পোৱাৰ বাবে আবেদন কৰে। আনকি, ইয়াৰ ভিতৰত এনে বহু শিক্ষানুষ্ঠান আছিল য'ত কোনো এজনো সংখ্যালঘু ছাত্র-ছাত্ৰী নাই, তাতো এই অসাধু চক্ৰটোৱে পোষ্ট মেট্ৰিক স্কলাৰশ্বীপৰ বাবে আবেদন কৰি বৃহৎ পৰিমাণৰ ধন সৰকোৱাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰি তুলিছিল।
উদাহৰণ স্বৰূপে, যোৰহাটৰ শ্ৰীৰাম উচ্চ মাধ্যমিক বিদ্যালয় আৰু অসমীয়া সাহিত্য সংগীত মহাবিদ্যালয়, গুৱাহাটীৰ সংঘবেধা বিশ্ববিদ্যালয় আৰু শ্ৰীলক্ষী নাৰায়ণ সংস্কৃত পাঠশালা আদিকে ধৰি ৰাজ্যৰ বহু কেইখন এনে উচ্চ শিক্ষানুষ্ঠানত ভুৱা সংখ্যালঘু ছাত্ৰ-ছাত্ৰী দেখুওৱাৰ গুৰুতৰ অভিযোগ উঠিছিল। অকল ইমানেই নহয় সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্র-ছাত্ৰী নথকা জিলাতো বহু বিদ্যালয়ত ভুৱা ছাত্ৰ-ছাত্ৰী সন্নিবিষ্ট কৰি বৃত্তিৰ ধন আত্মসাত কৰাৰ ফন্দি ৰচনা কৰাৰো অভিযোগ উঠিছিল। প্ৰাপ্ত তথ্য অনুসৰি, ছাত্ৰ নথকা গুৱাহাটী মহানগৰীত থকা আৰ্য স্কুল অৱ নাৰ্ছিং কলেজত ছাত্ৰীৰ পৰিৱৰ্তে ছাত্ৰ দেখুৱাই অন লাইন আবেদন কৰিছে।
এনে অনিয়ম সংঘটিত কৰাৰ কথা জানিব পাৰি বিভিন্ন জিলাৰ বহু কেইখন শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই বিষয় সন্দৰ্ভত চৰ এলেকা উন্নয়ন বৰ্ডক অৱগত কৰি ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে আবেদন জনায়। শোণিতপুৰ জিলাৰ এল জি বি ৰিজনেল ইনচষ্টিটিউট অৱ মেন্টেল হেল্থ নামৰ শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই স্থানীয় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।
এনেবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট কৰ্তৃপক্ষই সংখ্যালঘু বৃত্তিৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হয়। ইপিনে, এই সমগ্ৰ কেলেংকাৰীটো ৰাজ্য চৰকাৰে তদন্ত কৰাৰ বাবে ইতিমধ্যে চি আই ডিক দায়িত্ব দিয়া বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে চি আই ডিয়ে ইতিমধ্যে ভুৱা ছাত্র-ছাত্ৰীৰ নাম দি ব্যাপক পৰিমাণৰ ধন সৰকোৱাৰ চেষ্টা কৰা শিক্ষানুষ্ঠানসমুহৰ তালিকা জমা দিবলৈ চৰ উন্নয়ন ব'ৰ্ডৰ সঞ্চালকক নিৰ্দেশ দিছে। অচিৰেই বিভাগটোৰ সঞ্চালক গৰাকীক জেৰা কৰিব বুলি জানিব পৰা গৈছে। সঠিক তদন্ত কৰিলে সঞ্চালককে ধৰি বহু ৰৌ-বৰালী জালত পৰাৰ সম্ভাৱনা আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|