মুখ্যপৃষ্ঠা »খবৰ »অসম »নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ত পঢ়া দেখুৱাই বিহাৰৰ দুষ্ট চক্ৰই সৰকাইছে দৰিদ্ৰ শিক্ষাৰ্থীৰ জলপানি

নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ত পঢ়া দেখুৱাই বিহাৰৰ দুষ্ট চক্ৰই সৰকাইছে দৰিদ্ৰ শিক্ষাৰ্থীৰ জলপানি

ONGC নগৰী নাজিৰাস্থিত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰত্যক্ষভাৱে পৰিচালিত কেন্দ্ৰীয় বিদ্যালয়খন এতিয়া সাঙোৰ খাই পৰিছে  ছাত্ৰ-বৃত্তি কেলেংকাৰীত।

ONGC নগৰী নাজিৰাস্থিত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰত্যক্ষভাৱে পৰিচালিত কেন্দ্ৰীয় বিদ্যালয়খন এতিয়া সাঙোৰ খাই পৰিছে  ছাত্ৰ-বৃত্তি কেলেংকাৰীত।

ONGC নগৰী নাজিৰাস্থিত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰত্যক্ষভাৱে পৰিচালিত কেন্দ্ৰীয় বিদ্যালয়খন এতিয়া সাঙোৰ খাই পৰিছে  ছাত্ৰ-বৃত্তি কেলেংকাৰীত।

  • Share this:
ONGC নগৰী নাজিৰাস্থিত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰত্যক্ষভাৱে পৰিচালিত কেন্দ্ৰীয় বিদ্যালয়খন এতিয়া সাঙোৰ খাই পৰিছে  ছাত্ৰ-বৃত্তি কেলেংকাৰীত। বিদ্যালয়খনত অধ্যয়ন কৰা বুলি ভুৱা প্ৰমাণ পত্ৰ উলিয়াই কেন্দ্ৰীয় চৰকাৰৰ দৰিদ্ৰ সংখ্যালঘু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বৃত্তিৰ ধন হৰলুকি কৰি আছে এচাম অসাধু চক্ৰই । দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছে আজি ফাদিল কৰিছে এই কেলেংকাৰী ।

বাতৰিকাকতখনত প্ৰকাশ কৰা মতে National  Scholarship Portalত নাজিৰা কেন্দ্ৰীয় বিদ্যালয়ৰ নামত ৩৯ গৰাকী হিতাধিকাৰী শিক্ষাৰ্থী পঞ্জীয়ণ হৈ আছে। বিদ্যালয়খনৰ অধ্যক্ষ অখিলেশ্বৰ জাই জনোৱা মতে, আটাইকেইজন ভুৱা হিতাধিকাৰী। তেওঁলোকে কোনো কালেই এই বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা নাই।

উল্লেখযোগ্য যে, অসমৰ এই বিদ্যালয়খনত অধ্যয়ন কৰাৰ ভুৱা নথি উলিয়াই বিহাৰৰ ডৰভংগা জিলাৰ ১৪জন, মুজফ্ফৰপুৰৰ ১৩জন, মধুৱনীৰ ৭জন, পুৰ্নিয়াৰ ২জন, ভাগলপুৰৰ ২জন আৰু পূব চম্পাৰণৰ এজনে সংখ্যালঘুৰ ছাত্ৰই বৃত্তি আদায় কৰি আছিল। কিন্তু এই বছৰ স্কুল কৰ্তৃপক্ষই জনোৱা মতে, কোনো এনে আবেদনৰ অনুমোদন জনোৱা নাই আৰু এই ৩৯জন হিতাধিকাৰী বিদ্যালয়খনৰ শিক্ষাৰ্থী নহয়। বিহাৰৰ এই দুষ্ট চক্ৰৰে অসমৰো অসাধু ব্যক্তি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

পূৰ্বৰ UPA চৰকাৰৰ অধীনত ২০০৮চনৰ পৰা আৰম্ভ হোৱা এই আঁচনিৰ অধীনত দৰিদ্ৰ সংখ্যালঘু স্কুলীয়া ছাত্ৰ-ছাত্ৰীক চৰ্ত সাপেক্ষে বছেৰেকীয়া ছাত্ৰ বৃত্তি প্ৰদান কৰা হয়। ২০১৯-২০ শৈক্ষিক বৰ্ষত কেৱল বিহাৰতে এই আঁচনিৰ অধীনত ৮২কোটি টকা বিতৰণ কৰা হৈছে ।

শেহতীয়া বাতৰি