ঢেকীয়াজুলিত সংখ্যালঘু ছাত্ৰ–ছাত্ৰীৰ স্ক’লাৰশ্বিপৰ ধন লুটি জালত পৰিল আখতাৰ

লুণ্ঠনৰ মাষ্টাৰমাইণ্ড আছিকুল আৰু এই ঘটনাত জড়িত শিক্ষক ৰিয়াজ উদ্দিন আহমেদ বৰ্তমান পলাতক।

News18-Assam
Updated:August 2, 2019, 8:39 AM IST
ঢেকীয়াজুলিত সংখ্যালঘু ছাত্ৰ–ছাত্ৰীৰ স্ক’লাৰশ্বিপৰ ধন লুটি জালত পৰিল আখতাৰ
লুণ্ঠনৰ মাষ্টাৰমাইণ্ড আছিকুল আৰু এই ঘটনাত জড়িত শিক্ষক ৰিয়াজ উদ্দিন আহমেদ বৰ্তমান পলাতক।
News18-Assam
Updated: August 2, 2019, 8:39 AM IST
শোণিতপুৰৰ ঢেকীয়াজুলিত সংখ্যালঘু ছাত্ৰ–ছাত্ৰীৰ স্ক’লাৰশ্বিপৰ ধন আত্মসাৎ। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা বিভাগৰ অধীনৰ প্ৰি–মেট্ৰিক স্ক’লাৰশ্বিপৰ লাখ লাখ লুণ্ঠনৰ অভিযোগ। ২০১৮–১৯ বৰ্ষত ঢেকীয়াজুলিৰ তিনিখন বিদ্যালয়ৰ সংখ্যালঘু ছাত্ৰ–ছাত্ৰীসকলৰ স্ক’লাৰশ্বিপৰ প্ৰ–পত্ৰ অনলাইনযোগে পূৰণ কৰিছিল স্থানীয় আখতাৰ ভূঞা আৰু নগাঁৱৰ আছিকুল নামৰ এজন যুৱকে। সেইমতে, কঠলুডুব মধ্য ইংৰাজী বিদ্যালয়ৰ ১০৬ গৰাকী ছাত্ৰ–ছাত্ৰীৰ প্ৰত্যেকৰে বেংক একাউণ্টত জমা হৈছিল ৫ৰ পৰা ১০ হাজাৰ টকাকৈ।

আখতাৰ ভূঞা নামৰ লোকজনে অসম গ্ৰামীণ বিকাশ বেংকৰ অধীনৰ গ্ৰাহক সেৱা কেন্দ্ৰ পৰিচালনা কৰে। উক্ত গ্ৰাহক সেৱা কেন্দ্ৰতে বিদ্যালয়খনৰ ছাত্ৰ–ছাত্ৰীসকলে খুলিছিল একাউণ্ট। চক্ৰান্তৰে আখতাৰে ছাত্ৰ–ছাত্ৰীৰ একাউণ্টৰ পৰা হৰলুকী কৰে স্ক’লাৰশ্বিপৰ নামত জমা হোৱা অধিকাংশ ধন।

ইফালে, নগাঁৱৰ আছিকুল নামৰ আন এজন যুৱকে কঠলুডুব মধ্য ইংৰাজী বিদ্যালয়, কঠলুডুব প্ৰাথমিক বিদ্যালয় আৰু আপাৰ পাণবাৰী প্ৰাথমিক বিদ্যালয়ত স্ক’লাৰশ্বিপৰ নামত ছাত্ৰ–ছাত্ৰীৰ নামত অহা সমুলি ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। এই সমগ্ৰ ঘটনা পোহৰলৈ আনে খাইৰুল ইছলাম নামৰ এজন যুৱকে৷ এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে আখতাৰক গ্ৰেপ্তাৰ কৰিছে। আনহাতে, লুণ্ঠনৰ মাষ্টাৰমাইণ্ড আছিকুল আৰু এই ঘটনাত জড়িত শিক্ষক ৰিয়াজ উদ্দিন আহমেদ বৰ্তমান পলাতক।
আৰু চাওক পৰৱৰ্তী বাতৰি