৮০ বছৰীয়া বৃদ্ধ, নিৰক্ষৰ মহিলা, দিন হাজিৰা কৰা শ্ৰমিক, শিক্ষকৰ নামত দালাল চক্ৰই উলিয়াই নিছে ছাত্ৰবৃত্তিৰ ধন ৷
৮০ বছৰীয়া বৃদ্ধ, নিৰক্ষৰ মহিলা, দিন হাজিৰা কৰা শ্ৰমিক, শিক্ষকৰ নামত দালাল চক্ৰই উলিয়াই নিছে ছাত্ৰবৃত্তিৰ ধন ৷
ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ে আগবঢ়োৱা বৃত্তিগত আৰু কাৰিকৰী শিক্ষাৰ জলপানিৰ নামত বৰপেটাত ভয়াৱহ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ৮০ বছৰীয়া বৃদ্ধ, নিৰক্ষৰ মহিলা, দিন হাজিৰা কৰা শ্ৰমিক, শিক্ষকৰ নামত দালাল চক্ৰই উলিয়াই নিছে ছাত্ৰবৃত্তিৰ ধন ৷
সংখ্যালঘু সম্প্ৰদায়ৰ আৰু কাৰিকৰী শিক্ষা (মেৰিট-কাম-মিনচ স্ক'লাৰশ্বীপ ফৰ প্ৰফেচ'নেল এণ্ড টেকনিকেল ক'ৰ্চ ) আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে আগবঢ়োৱা জলপানিৰ নামত সংঘটিত হৈছে কেলেংকাৰী ৷ সংখ্যালঘুসকলৰ বাবে মেধা-তথা-উপায় আধাৰিত বৃত্তি আঁচনি হৈছে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ এক মুখ্য কাৰ্যসূচী।
উল্লেখ্য যে, ই এক কেন্দ্ৰীয় খণ্ডৰ আঁচনি আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ দ্বাৰা ১০০ শতাংশ পুঁজি যোগান ধৰা হয়। সংখ্যালঘুসকলৰ বাবে মেধা তথা উপায় বৃত্তি আঁচনিৰ উদ্দেশ্য হৈছে সংখ্যালঘু সম্প্ৰদায়ৰ পৰিয়ালৰ শিশুসকলক সমৰ্থন প্ৰদান কৰা। দেশৰ বিভিন্ন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান তথা বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত শিক্ষাগ্ৰহণ কৰি থকা অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলক বেংক একাউণ্টৰ জৰিয়তে সংখ্যালঘু মন্ত্ৰণালয়ে আগবঢ়াই আহিছে জলপানিৰ ধন ৷
পিছে বৰপেটাৰ চেঙা সমষ্টিৰ বিভিন্ন গাঁৱত একাংশ দালালে সংঘটিত কৰা কেলেংকাৰীয়ে চকু কঁপালত তুলিছে ৰাইজৰ ৷ চেঙা সমষ্টিৰ ভৈৰাগুৰি, কাঁহিকুছি, বাগুদি আদি গাওঁসমূহত হুমায়ুন মালিক আৰু হান্নান আলীৰ নেতৃত্বত দেশৰ বিভিন্ন কাৰিকৰি শিক্ষা প্ৰতিষ্ঠানত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীৰ ভূৱা নথি দাখিল কৰি ৮০ বছৰীয়া বৃদ্ধ, নিৰক্ষৰ মহিলা, দিন হাজিৰা কৰা শ্ৰমিক, শিক্ষকৰ নামত দালাল চক্ৰই উলিয়াই নিছে ছাত্ৰবৃত্তিৰ কোটি কোটি টকা ৷ আনকি স্থানীয় কেইবাখনো বিদ্যালয়, মাদ্ৰাছা আদিৰ নামত একোজন ছাত্ৰৰ নামটো উলিয়াই নিছে জলপানিৰ ধন ৷
দালাল চক্ৰটোৱে একোজন ছাত্ৰৰ নামত উলিয়াই নিছে ৩০ হাজাৰকৈ টকা ৷ আশ্বৰ্যকৰভাৱে যিসকল লোকৰ বেংক একাউণ্ট যোগে কাৰিকৰী শিক্ষাৰ জলপানিৰ ধন উলিয়াই নিছে সেইসকলৰ অধিকাংশৰেই বয়স ৫০ বছৰৰ ওপৰৰ ৷ তাৰে ভিতৰত বহুতেই আকৌ নিজৰ চহীটোকেই কৰিব নোৱাৰে ৷ অথচ তেনে লোকৰ নামতেই উলিয়াই নিছে কোটি কোটি টকা ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|