নগাঁও জিলাৰ হাতীচোং মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক চাইফুল ইছলামক গ্ৰেপ্তাৰ কৰিলে মৰিগাঁও আৰক্ষীয়ে। মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে ইছলামক মৈৰাবাৰীৰ নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। মৈৰাবাৰী আৰক্ষী থানাত ৰুজু হোৱা ৪০৫/২০২০ নম্বৰ গোচৰৰ ভিত্তিত অধ্যাপক গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।
হাতীচোং মহাবিদ্যালয়ৰ অধ্যাপক গৰাকীৰ বিৰুদ্ধে আছে সংখ্যালঘূ ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ বাবে অহা কেইবা কোটি টকা জালিয়াতিৰে সৰকাই নিয়াৰ অভিযোগ। অভিযোগ অনুসৰি ২০১৪-১৫ বিত্তীয় বৰ্ষত ছাইফুল ইছলামে মহাবিদ্যালয় খনত অধ্যয়নৰত বহু ছাত্ৰ-ছাত্ৰীৰ নামত এই বৃহৎপৰিমাণৰ ধন আত্মসাৎ কৰিছিল।
উল্লেখযোগ্য শেহতীয়া ভাৱে পোহৰলৈ অহা সংখ্যালঘূ ছাত্ৰ বৃত্তি কেলেংকাৰীত সাঙুৰ খাই পৰিছে বহু শিক্ষকৰ নাম।২০১৯ বৰ্ষত সেই সময়ৰ নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে এক গোচৰৰ ভিত্তিত সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ অনুসন্ধান আৰম্ভ কৰিছিল। নগাঁও আৰক্ষীৰ তদন্তকাৰী বিষয়া তথা উপ আৰক্ষী অধীক্ষক ৰুমী টিমুঙপিৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গুৱাহাটীৰ সংখ্যালঘূ উন্নয়ণ পৰিষদৰ কাৰ্যালয়টো অভিযান চলাইছিল। শীঘ্ৰেই দুখীয়া সংখ্যালঘূ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে প্ৰদান কৰা ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰা বহু শিক্ষক তথা শিক্ষা প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা ৰঙাঘৰলৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : July 31, 2020, 08:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।