ৰাজ্যত সংঘটিত হৈছে ২০০ কোটি টকাৰ ভয়ংকৰ বিত্তীয় কেলেংকাৰী, অভিযোগ স্বয়ং শাসকীয় দলৰ নেতাৰ

News18 Assam | News18-Assam
Updated:July 5, 2020, 6:57 PM IST
ৰাজ্যত সংঘটিত হৈছে ২০০ কোটি টকাৰ ভয়ংকৰ বিত্তীয় কেলেংকাৰী, অভিযোগ স্বয়ং শাসকীয় দলৰ নেতাৰ
মমিনুল আৱাল

ৰাজ্যত সংঘটিত হৈছে ২০০ কোটি টকাৰ ভয়ংকৰ বিত্তীয় কেলেংকাৰী। এই অভিযোগ আমাৰ নহয়, স্বয়ং বিজেপি দলৰ নেতাৰ। 

  • Share this:
ৰাজ্যত সংঘটিত হৈছে ২০০ কোটি টকাৰ ভয়ংকৰ বিত্তীয় কেলেংকাৰী। এই অভিযোগ আমাৰ নহয়, স্বয়ং বিজেপি দলৰ নেতাৰ।  সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ মতে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত অসমত সংঘটিত হৈছে প্ৰায় ২০০ কোটিৰ ভয়াৱহ বিত্তীয় কেলেংকাৰী। ভূৱা বিল দেখুৱাই ছাত্ৰ-ছাত্ৰীৰ নামত অহা ধন একাংশ বিষয়াই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে‌।

অভিযোগ অনুসৰি ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বিত্তীৰ ধন সমুলাঞ্চে আত্মসাৎ কৰিছে একাংশ শিক্ষা বিষয়াই। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনৰ এই ভয়াৱহ কেলেংকাৰীৰ তদন্ত বিচাৰি সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱালে ৰাজ্যৰ বিভিন্ন থানাত প্ৰায় ১৭ টা গোচৰ ৰুজু কৰিছে। ইফালে হাইলাকান্দিৰ বিভিন্ন দল সংগঠনে অভিযোগ কৰা মতে, ৰাজীৱ প্ৰকাশ ঝা নামৰ এগৰাকী লোকৰ পৃষ্ঠপোষকতাতে বৰাক উপত্যকাতে সংঘটিত হৈছে প্ৰায় ২০ কোটিৰ দুৰ্নীতি।

এই সম্পৰ্কত বৰাকৰ বিভিন্ন ঠাইত বহু অভিভাৱকে স্কুল পৰিদৰ্শক ৰাজীৱ কুমাৰ ঝাৰ বিৰুদ্ধে ৰুজু কৰিছে গোছৰ। বহু বছৰ পূৰ্বে বন্ধ হোৱা স্কুলত ছাত্ৰ-ছাত্ৰী দেখুৱাই আত্মসাৎ কৰিছে ধন। হাইলাকান্দি সদৰ সমষ্টিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত হোৱা ২০০ কোটিৰ দুৰ্নীতিক দুৰ্ভাগ্যজনক আখ্যা দিছে।

বিধায়ক আনোৱাৰ হুছেইনে ৰাজীৱ কুমাৰ ঝাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ উপৰিও সমগ্ৰ দুৰ্নীতিৰ উচিত তদন্তৰ দাবী জনায়। অভিযোগ অনুসৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে ৪৫/৫০ বছৰীয়া লোকৰ একাউণ্টত জমা হৈছে উক্ত ধনৰাশী। এই দুৰ্নীতিৰ মাজৰ মানুহ হ’ল শিক্ষক ৰাজেশ পাল সহিতে বেংকৰ বিষয়া। সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত অসমত হোৱা এই ভয়াৱহ লুণ্ঠন সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰী মুখটাৰ আব্বাছ নাকভিৰ সৈতে আলোচনাত মিলিত হৈছে অসমৰ সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ মমিনুল আৱাল। আশা কৰা হৈছে ৰাজ্যখনৰ এই ভয়াৱহ বিত্তীয় কেলেংকাৰী সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে তদন্তৰ ঘোষণা কৰিব।
First published: July 5, 2020, 6:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি