• Home
  • »
  • News
  • »
  • assam
  • »
  • এইবাৰ ৰূপাৰাণী ভূঞাৰ গোচৰত গ্ৰেপ্তাৰ সংখ্যালঘূ নেতা জমচেৰ আলী, ফেচবুকত অভব্য মন্তব্য কৰাৰ অভিযোগ

এইবাৰ ৰূপাৰাণী ভূঞাৰ গোচৰত গ্ৰেপ্তাৰ সংখ্যালঘূ নেতা জমচেৰ আলী, ফেচবুকত অভব্য মন্তব্য কৰাৰ অভিযোগ

মঙলদৈ আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ।

মঙলদৈ আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ।

মঙলদৈ আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ।

  • Share this:
মঙলদৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ৰূপাৰাণী ভূঞা কাণ্ডৰ আন এক মোৰ।
এইবাৰ ৰূপাৰাণীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হল জমচেৰ আলি নামৰ বিজনীৰ এজন সংখ্যালঘূ নেতা জমচেৰ আলী। ফেচবুকত ৰূপাৰাণীৰ বিষয়ে আপত্তিজনক মন্তব্য কৰাৰ বাবে ৰূপাৰাণী–এ দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ জমচেৰ আলীক। জে’ললৈ যোৱাৰ পূৰ্বে ৰূপাৰাণী ভূঞাই দাখিল কৰা এক পুৰণি গোচৰৰ ভিত্তিত মঙলদৈ আৰক্ষীয়ে এই তৎপৰতা প্ৰদৰ্শন কৰে। 

ৰূপাৰাণী ভূঞাই ৰুজু কৰা গোচৰ নং ২৪৬/২০২০ U/S-১২০(B)/২৯৪(A)/ ১৫৩(A)/৫০০/৫০৬ IPC আৰু IT এক্টৰ R/W Section ৬৭ ৰ অধীনত গ্ৰেপ্তাৰ কৰি CJM Court ত হাজিৰ কৰোৱা হয়। বিতৰ্কিত অধ্যাপিকা গৰাকীৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা জমচেৰ আলীৰ ঘৰ চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত কাৱাতিকা গাঁৱত।

জমচেৰ আলী


উল্লেখযোগ্য যে, বুধবাৰে মঙলদৈ থানাত ৰুজু হোৱা তিনিটা গোচৰৰ ভিত্তিত মঙলদৈ মহিলা আৰক্ষী থানাই সোধা–পোছা কৰাৰ সময়তে মহিলা আৰক্ষী বিষয়া টিংকল গোস্বামীক দুৰ্ব্যৱহাৰ কৰে আৰু হাত দাঙি চৰিয়াবলৈ উদ্যত হৈছিল ৰূপাৰাণী ভূঞা।

মহিলা আৰক্ষী বিষয়াগৰাকীক দুৰ্ব্যৱহাৰ, অশালীন মন্তব্য আৰু তদন্তত বাধা দিয়াৰ অভিযোগত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে ৰূপৰাণী ভূঞাক। মঙলদৈ থানাত প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ নং হৈছে ২৬৪/২০২০।

ইয়াৰ পিছতে মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই সংবাদ মাধ্যমক জনোৱা মতে, প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে মঙলদৈ থানাত ২২৫/২০২০, ২৩৬/২০২০, ২৪১/২০২০ নম্বৰত ৰুজু হোৱা তিনিটা গোচৰ সম্পৰ্কত তদন্ত অব্যাহত আছিল। উক্ত গোচৰসমূহৰ তদন্তৰ বাবে আজি ৰূপাৰাণী ভূঞাক থানালৈ মাতি অনা হৈছিল। কিন্তু প্ৰবক্তাগৰাকীয়ে থানাৰ ভিতৰত তদন্তকাৰী বিষয়াক সহযোগ নকৰাৰ লগতে দুৰ্ব্যৱহাৰ কৰে। ইমানেই নহয়, থানাত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে ৰূপাৰাণী ভূঞাই।

ইয়াৰ পূৰ্বে মঙলদৈ থানাত প্ৰবক্তাৰ বিৰুদ্ধে ফেচবুকত আপত্তিজনক মন্তব্য দিয়াৰ অভিযোগ তুলি দল–সংগঠনে দিয়া তিনিটা গোচৰৰ তদন্ত বৰ্তমানো অব্যাহত আছে।
First published: