உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Sexual Molestation : নাবালিকাক ধৰ্ষণ কৰি কৰিলে অন্তঃসত্বা, তাৰ পিছত গোপনে গৰ্ভপাতৰ চেষ্টা ! বাগিচা পৰিচালকৰ বিৰুদ্ধে ক্ষোভৰ দাবানল

    Sexual Molestation : নাবালিকাক ধৰ্ষণ কৰি কৰিলে অন্তঃসত্বা, তাৰ পিছত গোপনে গৰ্ভপাতৰ চেষ্টা ! বাগিচা পৰিচালকৰ বিৰুদ্ধে ক্ষোভৰ দাবানল

    representative image

    representative image

    পৰিচালকজনে কিশোৰীগৰাকীk গোপনে ডিব্ৰুগড়লৈ গৰ্ভপাতৰ বাবে নিছিল। কিন্তু কোনো চিকিৎসকেই গৰ্ভপাত কৰিবলৈ মান্তি নোহোৱাত ঘৰলৈ ঘূৰাই আনিছিল।

    • Share this:
    চৰাইদেউ জিলাৰ সোণাৰিৰ অসম নাগালেণ্ড সীমান্তৰ জয়শ্ৰী টি কোম্পানীৰ টাওকাক চাহ বাগিচা আজি শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হৈ পৰিল। বাগিচাৰ উপ পৰিচালক এজনৰ পশুসুলভ কৰ্মৰ শাস্তিৰ দাবিৰে শ্ৰমিক সকলে আজি পুৱা কামলৈ যোৱাৰ পৰিবৰ্তে বাগিচাৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰে।

    ঘটনাৰ বিৱৰণী অনুসৰি জয়শ্ৰী টি কোম্পানীৰ টাওকাক চাহ বাগিচাৰ উপ পৰিচালক (Deputy Manager) পঙ্কজ হাতীবৰুৱাৰ বাগিচাৰ আবাসত(বাংলৌ)ত বাগিচাৰ ৫ নং লাইনৰ এগৰাকী ১৬ বছৰীয়া নাবালিকা শ্ৰমিক কিশোৰীয়ে ঘৰুৱা কাম-বন কৰিছিল। সেই সুযোগতে পৰিচালক জনে দীৰ্ঘদিন ধৰি কিশোৰীগৰাকীৰ সতে যৌন সম্পৰ্ক চলাই আছিল বুলি অভিযোগ শ্ৰমিকৰ। ফলত কিশোৰীগৰাকী ৫ মাহৰ অন্তঃসত্বা হৈ পৰিল।

    কিশোৰী গৰাকীৰ পৰিয়ালৰ সদস্যৰ চকুত যেতিয়া অস্বাভাৱিক শাৰিৰীক পৰিবৰ্তন ধৰা পৰিল তেতিয়া পৰিচালকৰ সতে আলোচনা কৰি কিশোৰীগৰাকীৰ মোমায়েক, মাক আৰু পৰিচালক জনে মিলি গোপনে ডিব্ৰুগড়লৈ গৰ্ভপাতৰ বাবে নিছিল। কিন্তু কোনো চিকিৎসকেই কিশোৰী গৰাকীৰ গৰ্ভপাত কৰিবলৈ মান্তি নোহোৱাত ঘৰলৈ ঘূৰাই আনিছিল। তেতিয়াই কিশোৰী গৰাকীৰ অস্বাভাৱিক পৰিবৰ্তন ওচৰ চুবুৰীয়াকে ধৰি সমগ্ৰ বাগিচাখনত বিয়পি পৰে।

    লগে লগে বাগিচাৰ শ্ৰমিক তথা শ্ৰমিক সংগঠন তথা চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা আৰু আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা জাঙুৰ খাই বাগিচাৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি পৰিস্থিতি উত্তাল কৰি তোলে। পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত আৰু বাগিচা কৰ্তৃপক্ষই বিষয়টো সন্মানজনক সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত পৰিস্থিতি শান্ত হয়।

    আটছাৰ পুৰণি টাওকাক সমিতিয়ে বাগিচাৰ উপ পৰিচালক পঙ্কজ হাতীবৰুৱাই কিশোৰীগৰাকীক গ্ৰহণ কৰিব লাগিব বুলি দাবী জনাইছে আৰু বাগিচা কৰ্তৃপক্ষক উপ পৰিচালক জনক অতি শীঘ্ৰে বিতাৰিত কৰিবলৈও দাবী উত্থাপন কৰিছে। উপ-পৰিচালক জনৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছে যদিও পৰিচালকজনে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে।
    Published by:Manjumoni Borah
    First published: