শোণিতপুৰৰ ঠেলামৰাত নাবালিকাক বলাৎকাৰ, ৰাইজে হাতে–লোটে ধৰিলে বলাৎকাৰীক

দেওবাৰে সন্ধিয়া দোকানলৈ গৈ থকাৰ পথত এগৰাকী নাবালিকাক যুৱকজনে মুখত সোপা দি বলপূৰ্বক পথাৰৰ মাজলৈ নি অসৎ সংঘটিত কৰে কুকাৰ্য৷
দেওবাৰে সন্ধিয়া দোকানলৈ গৈ থকাৰ পথত এগৰাকী নাবালিকাক যুৱকজনে মুখত সোপা দি বলপূৰ্বক পথাৰৰ মাজলৈ নি অসৎ সংঘটিত কৰে কুকাৰ্য৷
- News18 Assam
- Last Updated: October 5, 2020, 2:31 PM IST
জানিব পৰা মতে, দেওবাৰে সন্ধিয়া দোকানলৈ গৈ থকাৰ পথত এগৰাকী নাবালিকাক যুৱকজনে মুখত সোপা দি বলপূৰ্বক পথাৰৰ মাজলৈ নি অসৎ সংঘটিত কৰে কুকাৰ্য৷ ভুক্তভোগি নাবালিকাগৰাকীয়ে চিঞৰ–বাখৰ কৰাত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ ধৰ্ষণকাৰী আজমল হুছেইনক হাতে-লোটে কৰায়ত্ত কৰি ঠেলামৰা আৰক্ষীক গতাই দিয়ে৷
ঠেলামৰা আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে স্বচ্ছ ভাৰত মিছনৰ অধীনত অনাময় শৌচালয় নিৰ্মাণৰ কামত নিয়োজিত আছিল বৰছলাৰ ফটাশিমলুৰ অভিযুক্ত যুৱকজন। আৰক্ষীয়ে আজমল হুছেইনক জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷