আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্তক আটক কৰাৰ লগতে আন দুজন যুৱকৰ সন্দৰ্ভত সোধা–পোছা অব্যাহত ৰাখিছে।
আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্তক আটক কৰাৰ লগতে আন দুজন যুৱকৰ সন্দৰ্ভত সোধা–পোছা অব্যাহত ৰাখিছে।
সোণাৰিত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়লৈ যোৱাৰ পথত প্ৰেমিকৰ দ্বাৰা দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সোণাৰি আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত প্ৰেমিকজনক আটক কৰিছে।
ঘটনাৰ বিৱৰণী মতে, সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী যোৱা ৭ এপ্ৰিলত চাইকেলেৰে বিদ্যালয়লৈ গৈ থকা অৱস্থাত হাওঁফাঁও গাঁৱৰ সমীপত এক নিৰ্জন স্থানত পূৰ্বৰে পৰা ৰৈ থকা এখন মাৰুতি ভানত তেওঁৰ পূৰ্বৰ প্ৰেমিকে আন তিনিজন অচিনাক্ত যুৱকৰ সৈতে ছাত্ৰীগৰাকীক বলপূৰ্বক গাড়ীখনত উঠাই নামৰূপৰ ফালে লৈ যায়। যাওঁতে ছাত্ৰীগৰাকীক পানীয়জাতীয় কিবা সামগ্ৰী সেৱন কৰাই অচেতন কৰি এডোখৰ ঠাইত নি তিনিও মিলি ধৰ্ষণ কৰে।
ইফালে, নিশা লৈকে ছাত্ৰীগৰাকী ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে বহু স্থানত বিচাৰ খোচাৰ কৰি অৱশেষত উক্ত দিনা নিশা প্ৰায় ১ বজাত লংপতীয়া ৰে’ল ষ্টেচনৰ সমীপৰ হাতীপুখুৰী গাঁৱৰ ৰে’ল লাইনত অচেতন অৱস্থাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰি লগে লগে চিকিৎসালয়ত ভৰ্তি কৰে।
ইফালে ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকক বিৱৰি কোৱাৰ পিছত কালিয়েই ছাত্ৰীগৰাকীৰ পিতৃয়ে সোণাৰি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্তক আটক কৰাৰ লগতে আন দুজন যুৱকৰ সন্দৰ্ভত সোধা–পোছা অব্যাহত ৰাখিছে। আৰক্ষীয়ে ঘটনাৰ সংক্ৰান্তত ৩৬৫/৩৭৬(ডি) ধাৰাৰ অধীনত ৭২/২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি চৰাইদেউ ন্যায়িক দণ্ডাধীশৰ হাজিৰ কৰোৱাই পুনৰ নিজৰ জিম্মালৈ আনে।
ইপিনে মূল অভিযুক্তই ঘটনাটোত তেওঁ জড়িত নহয় বুলি দাবী কৰি তেওঁ উক্ত দিনা নাহৰকটিয়াত আলহী খাবলৈ যোৱা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|