হোজাইৰ ভেলৌগুৰিত কিশোৰীক জংঘললৈ টানি নি বলাৎকাৰ বহিঃৰাজ্যৰ যুৱকৰ, ৰাইজে খেদি খেদি ধৰিলে বলাৎকাৰীক

কিশোৰীগৰাকীক মুৰ্মূষু অৱস্থাত জংঘলত উদ্ধাৰ কৰাৰ লগতে লম্পট শ্ৰমিকজনক ৰাইজে খেদি খেদি কৰায়ত্ত কৰে।
কিশোৰীগৰাকীক মুৰ্মূষু অৱস্থাত জংঘলত উদ্ধাৰ কৰাৰ লগতে লম্পট শ্ৰমিকজনক ৰাইজে খেদি খেদি কৰায়ত্ত কৰে।
- News18 Assam
- Last Updated: September 10, 2020, 12:39 PM IST
এগৰাকী ১২ বছৰীয়া কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগত বহিঃৰাজ্যৰ পৰা কাম কৰিবলৈ অহা এজন যুৱকে বলপূৰ্বকভাৱে জংঘললৈ টানি নি বলাৎকাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডবকা আৰক্ষী থানাৰ অন্তৰ্গত ভেলৌগুৰিত টাৱাৰ নিৰ্মাণ কোম্পানীত কৰ্মৰত এজন যুৱকে কিশোৰীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি ঘৰত কোনো নথকাৰ সুযোগ লৈ জংঘললৈ টানি নি সংঘটিত কৰে কুকৰ্ম।
কিশোৰীগৰাকীক ঘৰত নাপাই পৰিয়ালৰ লগতে স্থানীয় লোকে বিচাৰ–খোচাৰ আৰম্ভ কৰে। অৱশেষত কিশোৰীগৰাকীক মুৰ্মূষু অৱস্থাত জংঘলত উদ্ধাৰ কৰাৰ লগতে লম্পট শ্ৰমিকজনক ৰাইজে খেদি খেদি কৰায়ত্ত কৰে।
বিহাৰৰ বাসিন্দা মিতিলেষ কুমাৰৰ এই কাণ্ডত জাঙুৰ খাই উঠিছে ডবকাৰ দল–সংগঠনৰ লগতে স্থানীয় ৰাইজ। অভিযুক্তক শীঘ্ৰে ফাঁচিৰ দাবী জনায় ৰাইজে।