ৰাজ্যত পুনৰ জঘন্য ঘটনা। পুনৰ ধৰ্ষণৰ বলি হ’ল এগৰাকী নাবালিকা। বঙাইগাঁও জিলাৰ বিদ্যাপুৰত সংঘটিত হৈছে এই ঘটনা৷ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত দুৰ্গামাৰীত সংঘটিত হয় এই ধৰ্ষণৰ ঘটনা ৷
কোকৰাঝাৰ জিলাৰ জয়পুৰৰ এটি সন্তানৰ পিতৃ মুছা আলী নামৰ লোকজনৰ বিৰুদ্ধে এঘৰাকী পোন্ধৰ বছৰীয়া নাবালিকাক বলাৎকাৰৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে দাখিল কৰে এজাহাৰ। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে বিদ্যাপুৰ আৰক্ষীয়ে অভিযুক্ত মুছা আলীক আটক কৰিবলৈ সক্ষম হৈছে৷