ডিগবৈত ঘৃণনীয় ঘটনা, জ্যেষ্ঠ ভাতৃৰ কামনাৰ বলি হ’ল কিশোৰী

গাঁৱৰ ৰাইজে পাষণ্ড ভাতৃক উত্তম–মাধ্যম শোধাই ডিগবৈ আৰক্ষীক গতাই দিয়ে।

News18-Assam
Updated:October 25, 2019, 2:48 PM IST
ডিগবৈত ঘৃণনীয় ঘটনা, জ্যেষ্ঠ ভাতৃৰ কামনাৰ বলি হ’ল কিশোৰী
গাঁৱৰ ৰাইজে পাষণ্ড ভাতৃক উত্তম–মাধ্যম শোধাই ডিগবৈ আৰক্ষীক গতাই দিয়ে।
News18-Assam
Updated: October 25, 2019, 2:48 PM IST
তিনিচুকীয়া জিলাৰ ডিগবৈ থানাৰ অন্তৰ্গত পাৱৈত এক জঘন্য ঘটনা সংঘটিত হৈছে। নিজ জ্যেষ্ঠ ভাতৃৰ কামনাৰ বলি হ’ল এগৰাকী ১৫ বছৰীয়া কিশোৰী। প্ৰায় ডেৰমাহ ধৰি কিশোৰীগৰাকীক শাৰীৰিক–মানসিকভাৱে নিৰ্যাতন চলাই থকাৰ লগতে যৌন নিৰ্যাতনো চলোৱাৰ অভিযোগ কৰিছে কিশোৰীগৰাকীয়ে। উপায়ন্তৰ হৈ কিশোৰীগৰাকীয়ে মাক–দেউতাকক অৱগত কৰে। গাঁৱৰ ৰাইজে পাষণ্ড ভাতৃক উত্তম–মাধ্যম শোধাই ডিগবৈ আৰক্ষীক গতাই দিয়ে। অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। সুৰাপান কৰি আহি নিজ ভগ্নীৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰাৰ কথা স্বীকাৰো কৰিছে পাষণ্ডটোৱে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি