ডুমডুমাৰ হাপজানত জঘন্য ঘটনা, ৬ বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা!

News18 Assam | News18-Assam
Updated:October 23, 2020, 8:53 AM IST
ডুমডুমাৰ হাপজানত জঘন্য ঘটনা, ৬ বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা!
ডুমডুমা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এটা শৌচালয়ৰ পৰা শিশুটিৰ মৃতদেহ সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ কৰে।

ডুমডুমা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এটা শৌচালয়ৰ পৰা শিশুটিৰ মৃতদেহ সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ কৰে।

  • Share this:
ডুমডুমাৰ বৰহাপজানত সংঘটিত হৈছে এক জঘন্য ঘটনা। ছয় বছৰীয়া শিশুক বলাকৎকাৰ কৰি হত্যা কৰাৰ সন্দেহত এজন পাখণ্ডক ডুমডুমা আৰক্ষীয়ে কৰায়ত্ত কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি, বৰহাপজানৰ গাতে লাগি থকা ক্ষুদ্ৰ চাহ বাগিচা এখনত কৰ্মৰত দিলীপ মাৰাণ্ডী নামৰ এজন যুৱকে ২০ অক্টোবৰত একে অঞ্চলৰ এটি ছয় বছৰীয়া কন্যা শিশুক বজাৰ ফুৰাবলৈ বুলি নিয়াৰ পিছৰে পৰা শিশুটি নিৰুদ্দেশ হৈ আছিল।

কিন্তু বৃহস্পতিবাৰে অভিযুক্ত দিলীপ মাৰাণ্ডীক বাগিচাৰ মাজত লুকাই থকা অৱস্থাত স্থানীয় লোকে কৰায়ত্ত কৰে। ৰাইজে নিৰুদিষ্ট শিশুটিৰ বিষয়ে জানিবলৈ বিচৰাত হত্যা কৰি এটা শৌচালয়ত পেলাই থোৱা বুলি দিলীপ মাৰাণ্ডীয়ে স্বীকাৰোক্তি দিয়ে।

পৰৱৰ্তী সময়ত ডুমডুমা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এটা শৌচালয়ৰ পৰা শিশুটিৰ মৃতদেহ সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ কৰে। শিশুটিক বলাৎকাৰ কৰি হত্যা কৰা বুলি সন্দেহ কৰি স্থানীয় লোকে দিলীপ মাৰাণ্ডী নামৰ পাষণ্ডটোক গণপ্ৰহাৰ কৰি আৰক্ষীক চমজাই দিয়ে।
Published by: Sanjay Kumar Das
First published: October 23, 2020, 8:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading