
দেওবাৰে পুৱা স্থানীয় ৰাইজে পথাৰত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে।
দেওবাৰে পুৱা স্থানীয় ৰাইজে পথাৰত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে।
হোজাইত সংঘটিত হৈছে এক জঘন্য ঘটনা। বৰহোলা গাঁৱত ৮ বছৰীয়া কন্যা শিশুক বলাৎকাৰ কৰি হত্যা কৰাৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মুকলি পথাৰত উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ। মৃত শিশুটিৰ মোমায়েকৰ নিশা আছিল বিবাহৰ অনুষ্ঠান। বিবাহৰ অনুষ্ঠানৰ মাজতে শিশুটিক পথাৰলৈ নি এজন নৰাধমে ধৰ্ষণ কৰি অতি নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যায়।
দেওবাৰে পুৱা স্থানীয় ৰাইজে পথাৰত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে। সেইমতে আৰক্ষী উপস্থিত হৈ তদন্ত চলাই মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে গাঁওখনৰে জয়প্ৰকাশ ওৰফে মুন্না হালোৱা নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে জেৰা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|