உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ডবকাত জঘন্য ঘটনা, ১৪ বছৰীয়া নাবালিকাক বলাৎকাৰ কৰি নৃশংসভাৱে হত্যা

    ডবকাত জঘন্য ঘটনা, ১৪ বছৰীয়া নাবালিকাক বলাৎকাৰ কৰি নৃশংসভাৱে হত্যা

    আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি মূল অভিযুক্ত ছনী গৌড় নামৰ লম্পটটোক সন্ধিয়া গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

    আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি মূল অভিযুক্ত ছনী গৌড় নামৰ লম্পটটোক সন্ধিয়া গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

    আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি মূল অভিযুক্ত ছনী গৌড় নামৰ লম্পটটোক সন্ধিয়া গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

    • Share this:
    হোজাইৰ ডবকাত জঘন্য ঘটনা। এগৰাকী ১৪ বছৰীয়া পিতৃহীনা নাবালিকা কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰি নৃশংসভাৱে হত্যা কৰিলে দুৰ্বৃত্তই। এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে ভেলৌগুৰি আদৰ্শ গাঁৱত। কিশোৰীগৰাকীক বলাৎকাৰৰ পিছত হত্যা কৰি ঘৰতে পেলাই থৈ গ’ল মৃতদেহ।

    ঘটনাটো সংঘটিত হৈছে ১৬ জুনৰ নিশা ৯ মান বজাত। পিতৃহীনা কিশোৰীগৰাকী ঘৰত অকলে কা বুলি জানিব পাৰি ভেলৌগুৰি আদৰ্শ গাঁৱৰ  ছনী গৌড় আৰু উৎপল বৰাৰ নেতৃত্বত এটা পাষণ্ডৰ দলে উপৰ্যুপৰি  বলাৎকাৰ কৰি হত্যা কৰে। ঘৰৰ কাষতেই থকা স্থানীয় অৰূপ পাণিকা আৰু অনিল পাণিকাই শব্দ শুনি চিঞৰ–বাখৰ কৰাত নৰপিশাচৰ দলৰ  দাৰ আক্ৰমণত অনিল পাণিকা  গুৰুতৰভাৱে আহত হয়।

    ঘটনাৰ খবৰ পাই মঙলবাৰে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষা অন্তত পৰিয়ালক মৃতদেহ চমজাই দিয়ে। মঙলবাৰে বিয়লিৰ ভাগত ঘটনা সংক্ৰান্তত নাবালিকাগৰাকীৰ পৰিয়ালে ডবকা থানাত গোচৰ ৰুজু কৰে। আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি মূল অভিযুক্ত ছনী গৌড় নামৰ লম্পটটোক সন্ধিয়া গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও উৎপল বৰাসহ বাকী লম্পটকেইটা সম্প্ৰতি পলাতক হৈ আছে। এই নাৰকীয় ঘটনাৰ লগত জড়িত সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী তুলিছে হোজাই জিলা আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় দল–সংগঠনে।
    First published: