গোৱালপাৰাত ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক যৌন নিৰ্যাতন আৰক্ষী কনিষ্টবলৰ

আৰক্ষীয়ে কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰি এটা গোচৰ ৰুজু কৰিছে।

News18-Assam
Updated:October 8, 2019, 1:53 PM IST
গোৱালপাৰাত ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীক যৌন নিৰ্যাতন আৰক্ষী কনিষ্টবলৰ
আৰক্ষীয়ে কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰি এটা গোচৰ ৰুজু কৰিছে।
News18-Assam
Updated: October 8, 2019, 1:53 PM IST
দুৰ্গা পূজাৰ আনন্দ–উল্লাসৰ মাজতে গোৱালপাৰাৰ শাস্ত্ৰী নগৰত সোমবাৰে সন্ধিয়া এজন আৰক্ষী কনিষ্টবলে যৌন নির্যাতন চলালে এগৰাকী কিশোৰীক। ঘৰত কোনো নথকাৰ সুযোগ লৈ জয়চৰণ দাস নামৰ কনিষ্টবলজনে কিশোৰীগৰাকীক মুখত খোপা দি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। ৰাইজে কনিষ্টবলজনক কৰায়ত্ত কৰি উত্তম–মধ্যম শোধাই গতাই দিয়ে আৰক্ষীক। আৰক্ষীয়ে কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰি এটা গোচৰ ৰুজু কৰিছে। তদুপৰি আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে কনিষ্টবলজনক।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি